/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/89c4b7ef-99ca-46a2-b0fe-ca4b7604013a/Tanker.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপাহাৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তৈল পৰিবাহী টেংকাৰ বাগৰি পৰে দ-খাৱৈত ৷
যাৰ ফলত টেংকাৰখনৰ পৰা নিৰ্গত হৈছে তৈল পদাৰ্থ ৷ যিকোনো সময়ত হ'ব পৰা সম্ভাব্য বিপদৰ বাবে আতংকিত হৈ পৰিছে কাষৰীয়া অঞ্চলবাসী ৷ নুমলীগড় শোধনাগাৰৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰা টেংকাৰ খনৰ নম্বৰ এন এল ০১ কিউ ৫৩২২ ।
উল্লেখ্য যে, ইতিমধ্যে নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷