এফালে গছ পুলি ৰোপণৰ অভিলেষৰ প্ৰস্তুতি আনফালে বন ধ্বংসৰ প্ৰতিযোগিতা...

এফালে গছ পুলি ৰোপণৰ অভিলেষৰ প্ৰস্তুতি আনফালে বন ধ্বংসৰ প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
এফালে গছ পুলি ৰোপণৰ অভিলেষৰ প্ৰস্তুতি আনফালে বন ধ্বংসৰ প্ৰতিযোগিতা...

এফালে গছ পুলি ৰোপণৰ অভিলেষৰ প্ৰস্তুতি আনফালে বন ধ্বংসৰ প্ৰতিযোগিতা...

ডিজিটেল সংবাদ কাজিৰঙাঃ যি সময়ত চৰকাৰে গছ পুলি ৰোপণ কৰাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত কহঁৰা ভূমি সংৰক্ষণ বিভাগৰ ভূমিতে চলিছে অবাধ বন ধ্বংস ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিন দিশৰ কাৰ্বি পাহাৰত চলা বন ধ্বংসৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷

উল্লেখযোগ্য যে কাৰ্বিপাহৰৰ খহনীয়া ৰোধৰ বাবে কাৰ্বি আংলঙ জিলা ভূমি সংৰক্ষণ বিভাগে পাহাৰৰ বিভিন্ন স্থানত ৰোপণ কৰি আহিছে বহু মূল্যবান গছ ৷ কিন্তু বৰ্তমান সেই গছ বিলাক এফালৰ পৰা কাটি টহিলং কৰিছে একাংশ কাঠৰ চোৰাং ব্যৱসায়ীয়ে৷

Also Read: চৰকাৰৰ দায়িত্ব

আনহাতে সকলো দেখিও চকুমুদা কুলিৰ ভাও দিয়া ভূমি সংৰক্ষণ বিভাগৰ বিষয়াৰ বিৰুদ্ধে কাঠৰ চোৰাং ব্যৱসায়ীৰ বুজাপৰা থকাৰ অভিযোগ উত্থাপন হৈছে ৷ বিশেষ ভাৱে পাৰ্বত্য জিলাখনৰ কহঁৰা ভূমি সংৰক্ষণ বিভাগৰ বনাঞ্চলিক বিষয়া সঞ্জয় গগৈয়ে গছকটা ৰোধ কৰাৰ বিপৰীতে চোৰাং কাঠ ব্যৱসায়ীৰ চক্ৰৰ লগত মিতিৰালিৰে বন ধ্বংসত উদগণি দিয়াৰ অভিযোগ উত্থাপন কৰিছে দল সংগঠনে ৷

Also Read: উদ্ধাৰ হ'ল নাগাই অপহৰণ কৰা মেৰাপানীৰ যুৱক...

বন ধ্বংস