/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9fac5cce-c736-4454-8115-6cfb2b86e0cb/marangi_15.jpg)
মাঘৰ বিহুৰ পুৱাই বেয়া খবৰঃ উৰুকা নিশা বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যু...
ডিজিটেল ডেস্কঃ মাঘৰ বিহুৰ পুৱাই আহিছে এক বেয়া খবৰ। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটা বন্য হস্তীৰ। এই ঘটনা সংঘটিত হৈছে গোলাঘাটৰ মৰঙি অঞ্চলত।
উল্লেখ্য যে দীৰ্ঘ সময় ধৰি গোলাঘাটৰ মৰঙিত এটা বৃহৎ হাতীৰ জাকে অৱস্থান কৰি থকাৰ লগতে বিভিন্ন ধৰণে উপদ্ৰৱ চলাই আহিছে। কৃষকৰ কৃষি পথাৰ সম্পূৰ্ণৰূপে নষ্ট কৰিছে।
এই হাতীৰ জাকটোৰ শেহতীয়া অৱস্থান মৰঙিৰ লেটেকুজান। এই লেটেকুজানতেই হাতীৰ জাকটোৰ এটাৰ কৰুণ মৃত্যু হোৱা ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে।
যোৱা প্ৰায় এটা সপ্তাহ ধৰি লেটেকুজানত থকা হাতীৰ জাকটোৰ মাজৰে মৃত্যু হোৱা হাতীটো ঘাইপথৰ কাষতে থকা বিদ্যুৎ তাঁৰত লাগি মৃত্যু হয়। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় বন বিভাগৰ লোক।
Also Read: আজি মাঘ বিহুঃ অগ্নি দেৱতাক সেৱা জনাই জ্যেষ্ঠৰ আশীৰ্বাদ ল'লে কনিষ্ঠই...