/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/82c0d1df-f437-4147-ab12-44d9104e11fd/5.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ ঊষা গৰঙা চাহ বাগিচাৰ সমীপৱৰ্তী শিৱ বস্তিত উদ্ধাৰ কৰা হৈছে এটা অৰ্ধগলিত মৃতদেহ। ঘিলাধাৰী থানাৰ অন্তৰ্গত ঊষা গৰঙা-ঘিলাধাৰী চাহ বাগিচাৰ সমীপৱৰ্তী শিৱ বস্তিৰ এটা পুখুৰীৰ পাৰত উলংগ অৱস্থাত স্থানীয় লোকে পুৱাই প্ৰত্যক্ষ কৰে মৃতদেহটো। ব্যক্তিজনক হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা চলোৱা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
ইতিমধ্যে মৃতদেহটো দুদু গুৱলা নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। ঘৰৰ পৰা ৫০০ মিটাৰ দূৰৈত লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে৷ মৃতদেহৰ ডিঙিত চোকা অস্ত্ৰৰ ঘাপ লগতে বাঁও হাতখন কাটি শৰীৰত চোকা অস্ত্ৰৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷
উল্লেখ্য যে লোকজন যোৱা মংগলবাৰে ঘৰৰ পৰা পুৱা কামলৈ বুলি ওলাই গৈছিল যদিও বৃহস্পতিবাৰে পুৱা ঘৰৰ পৰা কিছু দূৰৈত লোকজনৰ মৃতদেহ এজন ব্যক্তিৰ পুখুৰী পাৰত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে৷ ঘটনাস্থলীত দণ্ডাধীশ আৰু ঘিলাধাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷
Also Read: পুনৰ নিৰ্যাতনৰ বলি বোৱাৰী : দেহত তেল ধালি জ্বলাই দিয়াৰ অপচেষ্টা স্বামী পৰিয়ালৰ