বন্যহস্তীক বন বিভাগৰ অজ্ঞাতে সমাধিস্থ কৰা দুই NRL ৰ দুই বিষয়াৰ বিৰুদ্ধে অপৰাধ প্ৰতিবেদন দাখিল

বন্যহস্তীক বন বিভাগৰ অজ্ঞাতে সমাধিস্থ কৰা দুই এন আৰ এলৰ বিষয়া ক্ৰমে উজ্জ্বল নয়ন সন্দিকৈ, বেদাংগ কুমাৰ কাশ্যপৰ বিৰুদ্ধে বন বিভাগে দাখিল কৰে অপৰাধ প্ৰতিবেদন।

author-image
Asomiya Pratidin
New Update
বন্যহস্তীক বন বিভাগৰ অজ্ঞাতে সমাধিস্থ কৰা দুই NRL ৰ দুই বিষয়াৰ বিৰুদ্ধে অপৰাধ প্ৰতিবেদন দাখিল

ডিজিটেল ডেস্কঃ বন্যহস্তীক বন বিভাগৰ অজ্ঞাতে সমাধিস্থ কৰা দুই এন আৰ এলৰ বিষয়া ক্ৰমে উজ্জ্বল নয়ন সন্দিকৈ, বেদাংগ কুমাৰ কাশ্যপৰ বিৰুদ্ধে বন বিভাগে দাখিল কৰে offense report অৰ্থাৎ অপৰাধ প্ৰতিবেদন। দুই বিষয়াৰ লগতে আন এগৰাকী ঘটনাৰ সৈতে জড়িত এন আৰ এলৰ সহকাৰী অভিযন্তা মুজাম্মিল হুছেইনৰ বিৰুদ্ধে গোলাঘাট জিলা আদালতত দাখিল কৰে অপৰাধ প্ৰতিবেদন।

Advertisment

চিআৰ ৱাইল্ডলাইফ প্ৰটেকচন এক্ট 1/2025 ৰ অধীনত বন বিভাগৰ তদন্তকাৰী বিষয়া ছয়ফুল ইছলামৰ নেতৃত্বত দাখিল কৰে এই প্ৰতিবেদন। উল্লেখ্য যে বিগত বৰ্ষৰ ১৮ জুলাইত বনবিভাগৰ অজ্ঞাতে এন আৰ এলৰ নগৰাঞ্চলৰ পখিলা উদ্যানত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা এটা বন্যহস্তীক বন বিভাগৰ অজ্ঞাতে  দুই বিষয়াৰ নিৰ্দশতে গোপনে পুতি ৰাখিছিল।

ইয়াৰ পিছতেই বন বিভাগে বিষয়টো অৱগত হোৱাৰ পিছত গোলাঘাট জিলা বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীৰ তৎপৰতাত হাতীটো পুনৰ গাঁতৰ পৰা উলিয়াই অস্ত্ৰোপচাৰ সম্পন্ন কৰি মৰণোত্তৰ পৰীক্ষা কৰি ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছিল। উল্লেখ্য যে, নগৰাঞ্চলত বিদ্যুৎ সংযোগত গাফিলতি থকাৰ বাবেই বন্যহস্তীটোৰ মৃত্যুৰ হোৱা তথ্য পোহৰলৈ অহাৰ লগে লগে দুই বিষয়াৰ লগতে বিদ্যুৎ সংযোগৰ দায়িত্বত থকা নগাঞ্চলৰ সহকাৰী অভিযন্তা মুজাম্মিল হুছেইনক আইনে সাঙুৰি লৈছিল।

ইফালে ডি এফ অ' সুশীল কুমাৰ ঠাকুৰীৰ নেতৃত্বত তদন্তকাৰী বিষয়া ছয়ফুল ইছলামে ২৪ জুলাইত শালমৰাস্থিত আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ঘটনাৰ সন্দৰ্ভত সোধ-পোচ কৰাৰ অন্তত আঞ্চলিক বন কাৰ্যালয়ৰ পৰাই নগৰাঞ্চলৰ মুখ্য প্ৰবন্ধক উজ্জ্বল নয়ন সন্দিকৈ আৰু প্ৰবন্ধক বেদাঙ্গ কুমাৰ কাশ্যপক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত দুয়োগৰাকী বিষয়াই জামিন লাভ কৰিছিল যদিও অৱশেষত দুই বিষয়াৰ লগতে সহকাৰী অভিযন্তাৰ বিৰুদ্ধে গোলাঘাট বন বিভাগে দাখিল কৰিছে অফেনচ ৰিপৰ্ট।

বন বিভাগ এন আৰ এল