পুনৰ আৰম্ভ হৈছে প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণ কাৰ্য...

পুনৰ আৰম্ভ হৈছে প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণ কাৰ্য...

author-image
Asomiya Pratidin
New Update
পুনৰ আৰম্ভ হৈছে প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণ কাৰ্য...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত পুনৰ আৰম্ভ কৰা হৈছে প্ৰস্তাৱিত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণ কাৰ্য। উল্লেখযোগ্য যে ২০২০ চনৰ ১৬ জুলাইত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কাজিৰঙাত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিছিল ৰাজ্যৰ প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ ৷

Advertisment

প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে কৃষি আৰু উদ্যান শস্য বিভাগৰ উদ্যোগত নিৰ্মাণ কৰিবলৈ লোৱা অৰ্কিড উদ্যানখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ২০২১ চনত ৷ কিন্তু প্ৰাৰম্ভিক অৱস্থাতে নিৰ্মাণকাৰী প্ৰতিস্থানৰ বিসংতিপূৰ্ণ কামৰ বাবে বন্ধ কৰি ৰখা হৈছিল নিৰ্মাণ কাৰ্য।

দীৰ্ঘদিনৰ বিৰতিৰ পাছত চলিত বৰ্ষত আন এটা প্ৰতিস্থানক দিয়া দায়িত্ব মৰ্মে পুনৰ আৰম্ভ কৰা হৈছে নিৰ্মাণ৷ এই সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা মতে প্ৰায় ২০ বিঘা মাটিত নিৰ্মাণ কৰা অৰ্কিড উদ্যানখনত অসমৰ বনাঞ্চলসমূহত থকা অৰ্কিড সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত নতুন সমল হিচাবে সন্নিবিষ্ট হ’ব৷ কাজিৰঙাৰ কহঁৰাত নিৰ্মাণৰত অৰ্কিড উদ্যানখনৰ নিৰ্মান কাৰ্য পৰ্যবেক্ষণ কৰি এই মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷

Also Read: ভাৰত- বাংলাদেশ সীমান্তত বিএছএফ- বিজিবিৰ ঈদ উদযাপন...

kaziranga