কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলংকাৰ বৰাৰ বিৰুদ্ধে অভিযোগ

কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলংকাৰ বৰাৰ বিৰুদ্ধে অভিযোগ

ডিজিটেল সংবাদ,কাজিৰঙা : কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলংকাৰ বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হয়। জানিব পৰামতে বৰাই শুকুৰবাৰে স্থানীয় দুগৰাকী যুৱকক কোনো কথাৰ অৱতাৰণা নকৰাকৈ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ৷

যাৰ বাবেই যুৱকদ্বয়ে আৰক্ষী বিষয়াগৰকীৰ বিৰুদ্ধে গোলাঘাটৰ অধীক্ষকলৈ লিখিত অভিযোগ দাখিল কৰে ৷ তথ্য অনুসৰি, আজি পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁৱৰ দিশে আহি থকা চাৰিখন গাড়ীয়ে গৰু কঢ়িয়াই আনি থাকোতে কেইজনমান যুৱকে গাড়ী কেইখন আগচি ধৰি অবৈধভাৱে ধন সংগ্ৰহ কৰে ৷

এই ঘটনা পথেৰে যোৱা স্থানীয় দুগৰাকী যুৱকে দেখা পাই গাড়ী কেইখনৰ কাষত ৰৈ দিয়াত ধন সংগ্ৰহকাৰী যুৱককেইজন পলাই যায় ৷ ইপিনে, উদ্ধাৰকাৰী যুৱকদ্বয়ে গৰু কঢ়িওৱা গাড়ীৰ চালকক প্ৰশ্ন কৰে যে সঠিক নথিপত্ৰ লৈ যদি গৰু কঢ়িওৱা হৈছে, তেন্তে কি কাৰণত ধন দিবলগীয়া হ’ল ?

আনহাতে, অবৈধভাৱে ধন সংগ্ৰহ সন্দৰ্ভত কাজিৰঙাৰ কহঁৰা আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাই গাড়ী ৪খনক লগত আহিবলৈ কয় ৷ ইপিনে, কহঁৰা চাৰিআলি আহি পোৱাৰ লগে লগেই কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলংকাৰ বৰা উপস্থিত হৈ গাড়ী কেইখনৰ হৈ মাত মতা যুৱকদ্বয়ক কোনো কথাৰ অৱতাৰণা নকৰাকৈ গতিয়াই, মৰিয়াই থানালৈ নি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে বুলি জানিব পৰা গৈছে ৷

গৰু কঢ়িয়াই অনা ৪ খন গাড়ীৰ চালকে যুৱকদ্বয় নিৰ্দোষী বুলি দাবী কৰাৰ পাছতো ভাৰপ্ৰাপ্ত বিষয়া মৰিয়ায়েই থাকে ৷ আনহাতে, কিছু সময় কহঁৰা আৰক্ষী চকীত বহুৱাই ৰাখি কাগজত যুৱকদ্বয়ৰ পৰা চহী লৈ আৰক্ষী চকীৰ পৰা যাবলৈ দিয়ে আৰক্ষীয়ে ৷

ইপিনে,দোষ অবিহনে যুৱকদ্বয়ক মৰিয়াই ক্ষমতাৰ অপব্যৱহাৰেৰে আৰক্ষী আইন, ১৮৬০ ভংগ কৰা, যুৱকদ্বয়ৰ মৌলিক অধিকাৰ ভংগ কৰাৰ অভিযোগত অলংকাৰ বৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ দাখিল কৰিছে। ইতিমধ্যেই বোকাখাতৰ ইন্সপেক্টৰ অ’ চি বিতোপন চুতীয়াৰ জৰিয়তে গোলাঘাটৰ আৰক্ষী অধীক্ষকলৈ লিখিত অভিযোগ দাখিল কৰা বুলি উল্লেখ কৰে ৷

তথ্য অনুসৰি, বিহৰা বজাৰৰ পৰা নগাঁৱলৈ কঢ়িয়াই অনা গৰু গাড়ী গোলাঘাট জিলা পাৰ কৰাই দিয়াৰ নামত আৰক্ষী বিষয়া অলংকাৰ বৰাই উচ্চপদস্থ আৰক্ষী বিষয়াৰ এজেণ্ট হিচাপে কাজিৰঙাত কাম কৰে ৷ চূড়ান্ত অকৰ্মণ্য এই বিষয়াগৰাকীৰ বাবেই কাজিৰঙাৰ বিভিন্ন স্থানত ঘনাই চুৰি কাণ্ড সংঘটিত হৈছে বুলিও অভিযোগ আছে ৷

কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলংকাৰ বৰাৰ বিৰুদ্ধে অভিযোগ
পাকিস্তানত হিন্দু,মুছলমানৰ দেৱী আৰাধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in