বৰহোলা ২ নং বছা প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন

বৰহোলা ২ নং বছা প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন

ডিজিটেল সংবাদ, ঘিলাধাৰী: স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো সমগ্ৰ দেশতে শিশু দিৱস হিচাপে উদযাপন কৰা হৈছে৷ সমান্তৰালভাৱে ঘিলাধাৰী বৰহোলাৰ বিভিন্ন স্থানত দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হৈছে৷

বৰহোলা ইকৰাণি পঞ্চায়তৰ ২ নং বছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত সংশ্লিষ্ট বিদ্যালয় আৰু ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়৷ শিশু দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চেনীৰাম গগৈ, স্মৃতি তৰ্পন কৰে অৱসপ্ৰাপ্ত কৃতি শিক্ষক তথা সাংবাদিক হৰেন গগৈ, গছপুলি ৰোপন কৰে সমাজকৰ্মী নৰেন গগৈ আৰু মঞ্চ উদ্ধোধন কৰে বৰহোলা মহাবিদ্যালয়ৰ প্ৰবক্তা অমল সোনোৱালে৷

ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন,কবিতা আবৃত্তি,সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ৰাতিলৈ নিমন্ত্ৰিত শিল্পী সকলে গীতৰ শৰাই আগবঢ়াব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in