বোকাখাতত "কবি আৰু কবিতাৰ অন্তৰংগ" অনুষ্ঠান

প্ৰয়াত কবি মৃদুল বৰুৱাৰ জন্মদিৱস উদযাপন
বোকাখাতত "কবি আৰু কবিতাৰ অন্তৰংগ" অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ,বোকাখাত : বোকাখাতৰ বিশিষ্ট কবিকণ্ঠ মৃদুল বৰুৱাৰ জন্মদিৱস শনিবাৰে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। প্ৰয়াত কবিগৰাকীৰ জন্মদিৱস উপলক্ষে অনুষ্ঠিত হয় 'কবি আৰু কবিতাৰ অন্তৰংগ অনুষ্ঠান' শীৰ্ষক এটি গাম্ভীৰ্যপূৰ্ণ কবিতা পাঠৰ অনুষ্ঠান।

বিশিষ্ট কবি অজিৎ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোৰ 'কবি আৰু কবিতাৰ অন্তৰংগ আলাপ' সঞ্চালনা কৰে বিশিষ্ট কবি-ঔপন্যাসিক দিলীপ ফুকনে। অনুষ্ঠানটিৰ আয়োজন কৰিছিল বোকাখাতৰ বিশিষ্ট কবি অজিৎ গগৈ, শৰৎ হাজৰিকা, মুহি শইকীয়া, ড° ৰুবী বৰা, ৰত্নেশ্বৰ মৰাং, পপী শইকীয়া আদিয়ে।

কবি চেনিৰাম গগৈ ,দিলীপ ফুকন, জীৱন নৰহ,বিমান কুমাৰ দলে, অজিৎ গগৈ, কৃষ্ণ কায় মাঝি , মৃদুল কুমাৰ গগৈ, বিজয় ৰবিদাস ,ড° যতীন কোঁৱৰ , বুবুল শৰ্মাকে আদি কৰি মুঠ তেত্ৰিশ গৰাকী কবিয়ে কবিতা পাঠ কৰে। লগতে প্ৰয়াত কবি মৃদুল বৰুৱাৰ স্মৃতি ৰোমন্থন কৰে।

ইয়াৰ অন্তত সঞ্চালক দিলীপ ফুকনে কয় - "এজন কবিৰ প্ৰতি আমি কিমান সচেতন, আজিৰ অনুষ্ঠানটোয়ে তাকেই প্ৰমান কৰিলে আনহাতে অতি উন্নত মানৰ কবিতা ৰচনাৰ পাছতো এক নিৰ্দিষ্ট মতাদৰ্শ গ্ৰহন কৰিব পৰাকৈ পৰিপক্ক হোৱাৰ আগতেই আমি দুৰ্ভাগ্যজনক ভাৱে কবি গৰাকীক হেৰুৱালো। সেইবাবেই হয়তো তেওঁ 'ব’ল লোধোমা গাহৰি মাৰিবলৈ যাওঁ'- শীৰ্ষক কবিতা ৰচনাৰ মাজদি আদিম সাম্যবাদৰ ফালেও গুছি যাবলৈ ওলাইছিল" । লগতে সঞ্চালক গৰাকীয়ে কবি মৃদুল বৰুৱাৰ এখন ৰচনা সমগ্ৰ শীঘ্ৰেই প্ৰকাশৰ পৰামৰ্শ প্ৰদান কৰে উদ্যোক্তাসকলক।

অনুষ্ঠানটোত প্ৰয়াত কবি গৰাকীৰ কবিতাৰ এটি আলোচনা আগবঢ়াই বিশিষ্ট সাহিত্যিক, বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড০ৰুবী বৰাই। আলোচনা প্ৰসংগত প্ৰয়াত কবি গৰাকীৰ অসংকলিত হৈ ৰোৱা কবিতাসমূহৰ এখন সংকলন 'অভিলাশ প্ৰকাশন'ৰ যোগেদি শীঘ্ৰেই প্ৰকাশ কৰাৰ কথা জানিবলৈ দিয়ে আলোচক গৰাকীয়ে।

উল্লেখযোগ্য যে আমন্ত্ৰীত কবিসকলৰ উপৰিও স্থানীয় কবিসকলৰ কবিতা পাঠ আৰু প্ৰয়াত কবি গৰাকীৰ প্ৰতি প্ৰকাশ কৰা আগ্ৰহে অনন্য মাত্ৰা প্ৰদান কৰে "কবি আৰু কবিতাৰ অন্তৰংগ আলাপ" নামৰ অনুষ্ঠানটিক।

অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই প্ৰয়াত কবি মৃদুল বৰুৱাৰ অন্তৰংগ বন্ধু তথা অনুষ্ঠানটোৰ মুখ্য উদ্যোক্তা কবি অজিৎ গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in