/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c92192ef-1e10-4cb9-b342-e1c9ad8c7d02/432.jpg)
ডিজিটেল সংবাদ,বোকাখাত : গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া চাহ বাগিচাত দেওবাৰে সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে সদৰী কৰা মতে ৰঙাগড়াঘাটৰ নিহা ভূই (৩২) নামৰ বিবাহিতা মহিলাগৰাকীয়ে ৰঙাগড়া চাহ বাগিচাত খৰি বিচাৰিবলৈ গৈ বহু সময়লৈকে ঘৰলৈ ঘূৰি নহাত তেঁওৰ শাহু আৰু কনমানি পুত্ৰই বাগিছাৰ ভিতৰত বিচাৰি গৈ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত প্ৰত্যক্ষ কৰে মহিলাগৰাকীক।
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ মৃত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰা বুলি ৰঙাগড়া চাহ বাগিচাৰ বাদল বাতকি (২৬) নামৰ এজন যুৱকে কমাৰগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fee14f1a-2d2d-48eb-8b46-97a9cf886a13/08d3e3f1-a192-418c-9b4a-619e34ee6cd4.jpg)
আৰক্ষীৰ জেৰাত মহিলাগৰাকীক ব্লেডেৰে ডিঙি কাটি হত্যা কৰা কথা স্বীকাৰ কৰে বাদল বাতকি নামৰ যুৱকজনে। ইফালে নিজকে হত্যাকাৰী বুলি আৰক্ষীৰ আগত পৰিচয় দিয়া বাদল কমাৰগাঁও আৰক্ষী থানাত উপস্থিত হোৱাৰ পাছতেই হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ফাঁচীৰ দাবী কৰে একাংশ স্থানীয় ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/773e201e-5776-4011-94b2-84be0b29de6f/0453edbb-f1a4-4284-b00e-c32f24c66dd4.jpg)
আনহাতে সমগ্ৰ ঘটনাটো পৰকীয়া প্ৰেমৰ পৰিণতি বুলি একাংশ ৰাইজে জানিবলৈ দিয়ে। অৱশ্যে আন একাংশৰ মতে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি দাবী কৰিছে যদিও আৰক্ষীৰ তদন্ততৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।