/asomiyapratidin/media/media_files/2025/01/24/shX2IGluACngW3jU9WBw.jpg)
ডিজিটেল সংবাদ বেকাজানঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত বৰহোলা মহাবিদ্যালয়ৰ পুথিভঁৰাল সহযোগত বৰহোলা মহাবিদ্যালয় বাকৰিত আজিৰে পৰা অহা ২৯ জানুৱাৰীলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠদশ বৰহোলা গ্ৰন্থমেলা। এই উপলক্ষে পুৱা ১১ বজাত যৌথভাৱে গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিকৰ সভাপতি দেৱজিত পাঠক আৰু উদযাপন সমিতিৰ সভাপতি ললিত শইকীয়াই ।
আনহাতে বৃক্ষৰোপণ কৰে বিশিষ্ট সাহিত্যিক তিলো সোণোৱাল, অধ্যাপক দিলীপ খাউণ্ড, সাংবাদিক মণ্টুচ্ কোঁৱৰ, ৰাজু বৰা আৰু অজয় শইকীয়াই। স্মৃতি তৰ্পণ কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সভাপতি বিকাশ গগৈয়ে।
দুপৰীয়া ষষ্ঠদশ বৰহোলা গ্ৰন্থমেলাৰ দ্বাৰ ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সভাপতি বিবুল হাজৰিকাই। ভাষণ তেওঁ কয় যে গ্ৰন্থ হৈছে জ্ঞানৰ অংকুৰণ। বৰহোলাৰ গ্ৰন্থমেলাই অঞ্চলটোত এক সুস্থ বৌদ্ধিক পৰিবেশ গঢ়ি তুলিছে আৰু অঞ্চলটোৰ বাবে এক আদৰণীয় পদক্ষেপ।
গ্ৰন্থমেলাৰ উপলক্ষে আয়োজন কৰা প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা উদ্বোধন কৰে বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী কলিতাই। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে ক্ৰমে বৰহোলা মহাবিদ্যালয় অধ্যাপিকা ডেইজী বৰপাত্ৰ গোহাঁই, থানুৰাম শইকীয়াই।
গ্ৰন্থমেলাৰ সোঁৱৰণি মঞ্চ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাই। আনহাতে সন্ধিয়া বৰহোলা কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হয় কবিতাৰে জীপাল হওক গ্ৰন্থ মেলাৰ বাকৰি শীৰ্ষক এক কবিতা অনুষ্ঠান।
সেউজ কাননৰ সভাপতি ৰূপা নেওগ হাজৰিকাৰ সঞ্চালনা অনুষ্ঠিত কাব্য সন্ধিয়াত কবি মণ্টুচ্ কোঁৱৰ, মহেন্দ্ৰনাথ হাজৰিকা, তিলো সোণোৱাল, ৰাজু বৰা, দীপাংকৰ বৰা, তিলক চন্দ্ৰ বৰা মামণি শইকীয়া, ৰুণু শইকীয়া গগৈয়ে কবিতা পাঠ কৰে। কাইলৈ ষষ্ঠদশশ বৰহোলা গ্ৰন্থমেলাৰ দ্বিতীয় দিনা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত সাধু কোৱা, নেওতা গোৱা, ছবিত ৰং কৰা পাঠ পঢ়া আৰু শ্ৰুতলিপি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
শৈক্ষিক প্ৰতিযোগিতা উদ্বোধন কৰিব বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত বৰাই। আনহাতে ডান্স এণ্ড ডান্স একাডেমীৰ ছাত্র- ছাত্ৰীসকলে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিব।