বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক বিহু কৰ্মশালা সামৰণি...

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ, ছাত্ৰীক বিহু নাচ, ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদানৰ লগতে ৰঙালী বিহুj পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত তথা ৮ বছৰ ধৰি বিহু কৰ্মশালা অনুষ্ঠিত কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক বিহু কৰ্মশালা সামৰণি...

ডিজিটেল সংবাদ বেকাজানঃ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক বিহু কৰ্মশালাৰ আজি সামৰণি পৰে। বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ ছাত্ৰ, ছাত্ৰীসকলক বিহু নাচ, ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহুটিৰ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত তথা বিহুক নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াসেৰে বিগত ৮ বছৰ ধৰি বিহু কৰ্মশালা অনুষ্ঠিত কৰি আহিছে।

Advertisment

বৰহোলা মহাবিদ্যালয়ৰ প্ৰাঙ্গণত যোৱা ২ এপ্ৰিলৰ পৰা অনুষ্ঠিত কৰা নৱম বাৰ্ষিক বিহু কৰ্মশালাত অঞ্চলটোৰ প্ৰায় ৩২০ গৰাকী ছাত্ৰ ছাত্ৰীক বিহুনাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। কৰ্মশালাত সমলব্যক্তি হিচাবে উপস্থিত থাকে ২০১১ বৰ্ষৰ লতাশিল বিহুৰাণী ৰাধিকাৰাণী শইকীয়া, বিশিষ্ট ঢুলীয়া শিল্পী বিপিন শইকীয়া, বাবাটি বৰা, মৃণাল শইকীয়া ।

আজি সামৰণি অনুষ্ঠানত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই কয় যে, প্ৰত্যেক বছৰে ছাত্ৰ, ছাত্ৰীসকলৰ বিহু কৰ্মশালাখনৰ প্ৰতি তথা নিজৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে যিটো অসমীয়া জাতিটোৰ বাবে অতি ইতিবাচক খবৰ। আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰজ্যোতি নেওগে আঁত ধৰা কৰ্মশালাটিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি তথা মাধুৰ্য্য পাঠক, বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড, ড০ ৰাণা বৰা,  বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

আছু বৰহোলা