যুৱ ব্যৱসায়ী ৰয়েল ৰংহাঙৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত কাৰ্বি জনগোষ্ঠীয় লোকৰ উত্তাল প্ৰতিবাদ...

যুৱ ব্যৱসায়ী ৰয়েল ৰংহাঙৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত কাৰ্বি জনগোষ্ঠীয় লোকৰ উত্তাল প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
যুৱ ব্যৱসায়ী ৰয়েল ৰংহাঙৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত কাৰ্বি জনগোষ্ঠীয় লোকৰ উত্তাল প্ৰতিবাদ...

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত আৰক্ষী থানাত সহস্ৰাধিক কাৰ্বি জনগোষ্ঠীয় লোকৰ উত্তাল প্ৰতিবাদ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে বোকাখাতত। বোকাখাতত কাৰ্বি যুৱ কাঠ ব্যৱসায়ী ৰয়েল ৰংহাঙৰ হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবীত সহস্ৰাধিক কাৰ্বি জনগোষ্ঠীয় লোকে কৰিছে উত্তাল প্ৰতিবাদ।

Advertisment

উল্লেখযোগ্য যে ২৪ মাৰ্চত কৰ্বিআংলঙ আৰু বোকাখাতৰ সীমান্তবৰ্তী অঞ্চল কাকচাঙত অচিনাক্ত দুৰ্বৃত্তই নিজৰ গাড়ীৰ ভিতৰতেই ডিঙি কাটি হত্যা কৰিছিল কাৰ্বি যুৱ কাঠ ব্যৱসায়ী ৰয়েল ৰংহাঙক।

ৰয়েল ৰংহাঙৰ হত্যাকাৰীক বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰিব নোৱাৰাৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে বোকাখাতৰ সহস্ৰাধিক কাৰ্বি জনগোষ্ঠীয় লোকে । প্ৰতিবাদকাৰীৰ লগত কেইবাটাও কাৰ্বি জনগোষ্ঠীয় সংগঠনে অংশগ্ৰহণ কৰিছে। প্ৰতিবাদকাৰীক অৱহেলা কৰাৰ অভিযোগ বোকাখাত আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ বিৰুদ্ধে।

Also Read: বিশ্বভাৰতীৰ চীনা ভৱনত অৰুণাচল প্ৰসংগত আলোচনাৰ মাধ্যমৰে শান্তি স্থাপনৰ বাৰ্তা চীনৰ....

bokakhat BOKAKHAT POLICE protest