/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5418e5cc-65a2-420a-873a-70d0ec8eb912/Pallab.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ নিশাটোৰ ভিতৰতে বন্ধ হৈ পৰা বোকাখাতৰ ডলামৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ পুনৰ মুকলি হ'ল ৰাইজৰ বাবে। যোৱা ২৫ জুনত নিশাটোৰ ভিতৰতে তলা ওলমি ৰৈছিল গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাত মহকুমাৰ বৰভেটা অঞ্চলত ১৯৬২ চনতে প্ৰতিষ্ঠা কৰা ডলামৰা ক্ষুদ্ৰ চিকিৎসালয়খন ।
যাৰ বাবে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল চিকিৎসালয়খনৰ পৰা স্বাস্থ্য সেৱা লাভ কৰি অহা তিনিটাকৈ পঞ্চায়ত এলেকাৰ প্ৰায় ২০খনৰো অধিক গাঁৱৰ ৰাইজৰ মাজত।স্থানীয় ৰাইজক অৱগত নকৰাকৈ নিশাটোৰ ভিতৰতে চিকিৎসালয়খন কাৰ্বি আংলং জিলাৰ ডলামৰালৈ স্থানান্তৰিত কৰা কাৰ্যত চৰকাৰ, প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে ক্ষোভিত দল সংগঠন তথা স্থানীয় ৰাইজে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। এই সন্দৰ্ভত সবিশেষ প্ৰতিবেদন প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিন, ডিজিটেলত।
অৱশেষত ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদত সেও মানি পুনৰ মুকলি কৰি দিয়া হয় ক্ষুদ্ৰ চিকিৎসালয়খন। উল্লেখযোগ্য যে, যোৱা ৩ জুলাইত অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ে এক পত্ৰযোগে ক্ষুদ্ৰ চিকিৎসালয়খন পুনৰ মুকলিৰ নিৰ্দেশনা জাৰি কৰে। তাৰ পিছতেই শুকুৰবাৰৰ পৰা পুনৰ মুকলি হোৱা ক্ষুদ্ৰ চিকিৎসালয়ত যোগদান কৰে চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে।
Also Read: নগাঁও-মৰিগাঁও জিলাৰ সত্ৰৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন...