বংকোৱালৰ বানত মৃত্যু কৃষকৰ পশুধনৰ, উটি গ'ল ভঁৰালৰ ধান...

ঐজানপাৰ ৩নং ৱাৰ্ডৰ বাসিন্দা বগাৰাম দাওৰ পৰিয়ালৰ এহাল বলধ গৰু বানে উটুৱাই নিয়াত সৰ্বস্বান্ত হৈ পৰে ঘৰখন...

author-image
Asomiya Pratidin
New Update
বংকোৱালৰ বানত মৃত্যু কৃষকৰ পশুধনৰ, উটি গ'ল ভঁৰালৰ ধান...

ডিজিটেল সংবাদ,বোকাখাতঃ শেহতীয়া প্ৰলয়ংকাৰী বানে পুনৰ বিধ্বস্ত কৰি দিলে বোকাখাতৰ বংকোৱাল তথা ইয়াৰ গ্ৰাম্য অৰ্থনীতি।মথাউৰি বাট পথেই নহয়,কৃষিপথাৰ, ভঁৰাল,পশুধন,বেপাৰ-বাণিজ্য আৰু বিদ্যালয় সমূহৰ কাৰ্যকলাপত পুনৰ শতিকা পিছ পৰি গ'ল বংকোৱাল।

Advertisment

ইয়াৰ মাজতে কৃষকৰ বুকুৰ কুটুম এহাল বলধ গৰু চকুৰ পচাৰতে চিগা মথাউৰিৰ ঢল পানীয়ে উটুৱাই নিয়ে। বংকুৱাল ঐজানপাৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা বগাৰাম দাওৰ পৰিয়ালৰ এহাল বলধ গৰু বানে উটুৱাই নিয়াত ঘৰখন সৰ্বস্বান্ত হৈ পৰে।পুনৰ প্ৰায় দুবছৰৰ সাঁচতীয়া ধানৰ ভঁৰাল ভাগি বানত উটি যোৱাত পৰিয়ালটিৰ বাবে জ্বলা জুইত ঘিঁউ ঢলাৰ সমান হৈ পৰিছে।

এই সন্দৰ্ভত আজি উক্ত বানাক্ৰান্ত পৰিয়ালটিয়ে বানসাহাৰ্য নীতি অনুসৰি ক্ষতিপূৰণৰ দাবীৰে বোকাখাত চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে। লগত সহযোগিতা আগবঢ়াই জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধি বৰ্গই।

সৰ্বস্বান্ত পৰিয়ালটোৰ গৰু আৰু ভঁৰালৰ ক্ষতিপূৰণৰ দাবী মানি নল'লে জীপালৰ উপদেষ্টা সোনেশ্বৰ নৰহে গণতান্ত্ৰিক প্ৰতিবাদ কৰিব বুলি দাবী কৰে। লগতে তাৎপৰ্যপূৰ্ণ ভাবে নৰহে উল্লেখ কৰে যে, চৰকাৰী ৰঙাফিটাৰ মেৰপেচ খুলি প্ৰকৃতাৰ্থত বানৰ কবলত পৰা পশুধনৰ ক্ষতিপূৰণৰ ঐতিহাসিক ফাইল কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায়।

ই কৃষকৰ প্ৰাপ্য অধিকাৰ। এইবাৰ যাতে এই নায্য-অধিকাৰ গাপদি চকুত ধূলি মৰাৰ ৰাজনীতি নকৰিবলৈ জীপাল কৃষক শ্ৰমিক সংঘই সকীয়াই দিয়ে।কিয়নো বানাক্ৰান্ত ৰাইজৰ শিবিৰে শিবিৰে জীপাল কৃষক শ্ৰমিক সংঘই চৰকাৰী ৰিলিফ মেনুৱেল খনি সহজকৈ হাতে হাতে পোৱাকৈ বানাক্ৰান্ত ৰাইজৰ অধিকাৰ সম্পৰ্কে সজাগ-শিক্ষিত কৰাৰ কামত গভীৰ ভাবে মনোনিৱেশ কৰিছে।

উপদেষ্টা সোনেশ্বৰ নৰহে কয় যে এতিয়াৰে পৰা ৰাইজৰ চকুত ধূলি মাৰি নেতা আমোলাই হাত সাৰিব নোৱাৰিব।জীপালে এই আওপুৰণি ৰিলিফ মেনুৱেল মতে মূল্য দিয়াৰ সলনি আজিৰ বজাৰ মূল্যত প্ৰদান কৰাৰ দাবী কৰে লগতে ৰিলিফ মেনুৱেল খনৰ সংশোধনৰো দাবী কৰে।

Also Read: জামুগুৰি গৰখীয়া থানত চকু চিকিৎসা শিবিৰ...

bokakhat flood