/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/872e8b43-f032-4f92-be8c-91df829ab941/Bokakhat_mass.jpg)
ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতত মীন আইন উলংঘা। কণীযুক্ত মাছ ধৰি একাংশ লোকৰ বন্য উল্লাস। মীন আইন উলংঘা কৰি শ-শ লোকে চিকাৰ কৰিছে মৎস্য।
বোকাখাতৰ গড়মুৰ পথাৰ আৰু অন্যান্য ঠাইত উজানৰ কণীযুক্ত মাছ ধৰাৰ অঘোষিত প্ৰতিযোগিতা চলিছে ৰাইজৰ মাজত। ১ এপ্ৰিলৰ পৰা ১৫ জুলাই লৈকে মাছ ধৰাত নিষেধাজ্ঞা থকাৰ পাছতো মুকলিকৈ মৎস্য চিকাৰ কৰি আছে অঞ্চটোৰ স্থানীয় ৰাইজে।
উল্লেখ্য যে, এইক্ষেত্ৰত বোকাখাতৰ মহকুমা প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকা পৰিলক্ষিত হোৱাত সচেতন মহলৰ চৰ্চাৰ বিষয় হৈ পৰিছে মহকুমা প্ৰশাসন। আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বলৈ দাবী একাংশৰ।
Also Read: ডিগবৈত জব্দ ৰন্ধন গেছৰ চোৰাং বেহাত ব্যৱহৃত বাহন, গ্রেপ্তাৰ...