/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bfef4eca-6944-4b70-977c-4af54176ec1e/AP FOR WEB 1.jpg)
মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ বিধ্বস্ত পথে উন্মোচিত কৰিছে উন্নয়নৰ নগ্ন স্বৰূপ...
ডিজিটেল সংবাদ বোকাখাতঃ বাৰিষাৰ ভূঁই ৰোৱা খেতি পথাৰ সদৃশ একাঠু বোকাৰে পৰিপূৰ্ণ এটা পথৰ বাবে জীয়াতু ভূগিব লগীয়া হৈছে বোকাখাতৰ মৰিধনশিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে। যাৰ বাবে আজি পথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে গাওঁ বাসীয়ে।
নিৰ্বাচনৰ সময়তহে ৰাইজলৈ মনত পৰে জনপ্ৰতিনিধিৰ ৷ পিছে নিৰ্বাচনী বৈতৰণী পাৰ হ’লেই সমষ্টিবাসীৰ ফালে পিঠি দিয়ে জন প্ৰতিনিধিয়ে ৷ বোকাখাত নগৰৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰ নিলগৰ আৰু মৰিধনশিৰি গাওঁ পঞ্চায়তৰ গাতে লাগি থকা ন-আলি পৰা খালৈজান সংযোগী পথৰ দৃশ্যই সকলোৰে চকু কপালত তুলিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/18e3bec8-bd99-410d-916a-33b9f62728d0/afcdffbf-4777-4ba8-9bc6-77a0ead811d3.jpg)
একাঠু বোকাৰে পৰিপূৰ্ণ এয়া যেন পথ নহয়, বাৰিষাৰ পথাৰহে৷ সেয়ে বোকাময় এই পথটোক লৈ শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে৷ উল্লেখ্য যে, ন আলিৰ পৰা খালৈজান সংযোগী এই গুৰুত্বপূৰ্ণ পথটোৱে সংযোগ কৰিছে ১নং বহিখোৱা, ২নং বহিখোৱা,ধনশিৰিআটি আদিকে কৰি কেইবাখনো গাঁও।
কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ মাধ্যম এই পথচোৱাৰ আজিৰ তাৰিখত অতি শোচনীয় অৱস্থা৷ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়া স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই এতিয়া পাহৰিছে গাঁও কেইখনৰ গঞাক ৷
আনটো বাদেই যাতায়াতৰ নামতো এতিয়া গঞা ৰাইজে ভূগিছে নৰক যন্ত্ৰণা ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা ৰোগী-প্ৰসূতি তথা আন পথচাৰীলৈকে সকলোৱে পাৰ হ’ব লাগে এক আঠু বোকাময় পথেৰে ৷ পথটোৰে জৰুৰী কালীন সময়ত আহিব নোৱাৰে স্বাস্থ্য বিভাগৰ ১০৮বাহনো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/31fcbacb-35e9-4039-952e-8de567f67f52/d4fa16f5-b515-4e0f-a7fd-dec0bdcfc3ca.jpg)
ফলত বিপদত পৰিব লগা হয় গৰ্ভৱতী মহিলাকে ধৰি বিভিন্ন ৰোগী। উক্ত পথটোৰে এতিয়া যাতায়ত কৰাতো এক প্ৰকাৰ হৈ পৰিছে দুৰ্বিসহ। বিধস্ত পথটো মেৰামতিৰ বাবে গাওঁবাসীয়ে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও কাণসাৰ নাই স্থানীয় জনপ্ৰতিনিধি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ। যাৰ বাবে মন্ত্ৰী অতুল বৰাৰ ভূমিকাত তীব্ৰ ক্ষোভ স্থানীয় জনসাধাৰণৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/49cb204a-ed87-4238-b154-f1fda0236d53/6274e8c9-8f35-4ec9-a2ae-76cd8df088ec.jpg)
লক্ষণীয় কথা যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অভূতপূৰ্ব উন্নয়ন হোৱা বুলি সততে ফুলজাৰী মৰা বোকাখাতৰ বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টিত আজিও বিধস্ত অৱস্থাত আছে বহু সংখ্যক গ্ৰাম্য পথ।
ইফালে প্ৰতিশ্ৰুতি অনুসৰি আজিও নিৰ্মাণ নহ'ল সমষ্টিটোৰ যথেষ্ঠ সংখ্যক অন্যান্য পথৰ লগতে সমষ্টিটোৰ বান বিধস্ত মৰিধনশিৰি পঞ্চায়তৰ অন্তৰ্গত ন-আলি পৰা খালৈজান সংযোগী এই পথচোৱা। সেয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাইজে এতিয়া বোকাময় পথৰ ওপৰতে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰালৈ স্থানীয় ৰাইজৰ আহ্বান, শীৰ্ঘ্ৰে পকীকৰণৰ কৰি দিয়ক পথচোৱা। অন্যথা ২০২৬ ৰ বিধান সভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গাওঁবাসীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5372c31c-820c-42c5-95ad-387a53564afa/8054532f-1c4e-4bba-a7f6-e06aa4abd14a.jpg)
Also Read: গহপুৰ মহকুমা কৃষি বিষয়া কাৰ্যলয়ৰ উদ্যোগ সমূহীয়া কঠীয়া সিঁচাৰ কাৰ্য্যসূচী আৰম্ভ...