ছাত্ৰ নেতা পিন্টু গগৈৰ বাসগৃহত আৰক্ষী‌

ছাত্ৰ নেতা পিন্টু গগৈৰ বাসগৃহত আৰক্ষী‌

ডিজিটেল সংবাদ, বোকাখাতঃ এইবাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক "পিণ্টু গগৈ"ৰ দৈগ্ৰোংস্থিত বাসগৃহত উপস্থিত গোলাঘাাট আৰক্ষী। ছাত্ৰ নেতাজনে চচিয়েল মিডিয়াত 'কা' বিৰোধী স্থিতিৰে পোষ্ট দিয়াৰ বাবেই বুধবাৰে ছাত্ৰ নেতাজনৰ মৰঙী দৈগ্ৰোংস্থিত বাসগৃহত উপস্থিত হয় গোলাঘাট আৰক্ষী।

ছাত্ৰ নেতা জনে জানিবলৈ দিয়া মতে চচিয়েল মিডিয়াৰ 'কা' বিৰোধী পোষ্ট উঠাই ল'বলৈ উপৰ্যুপৰি হেঁচা প্ৰদান কৰে ছাত্ৰ নেতাগৰাকীক। ইয়াৰ উপৰিও আৰক্ষীৰ বণ্ডত স্বাক্ষৰ কৰিবলৈও ছাত্ৰ নেতা গৰাকীক হেঁচা প্ৰদান কৰে গোলাঘাট আৰক্ষীয়ে।

ইফালে ছাত্ৰ নেতাগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰি সংবাদ মাধ্যমৰ আগত কয় যে প্ৰয়োজন হ'লে আৰক্ষীৰ গুলি বুকু পাতি লম কিন্তু 'কা' নামানো। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ কেইবাটাও সংগঠনে বুধবাৰে আৰক্ষীৰ বণ্ডত স্বাক্ষৰ কৰিছে বুলি জানিব পৰা গৈছে।

ছাত্ৰ নেতা পিন্টু গগৈৰ বাসগৃহত আৰক্ষী‌
মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in