বিদ্যালয়লৈ গৈ থকা অৱস্থাত ডাম্পাৰে মহতিয়ালে শিক্ষককঃ থিতাতে নিহত শিক্ষকগৰাকী

বিদ্যালয়লৈ গৈ থকা অৱস্থাত ডাম্পাৰে মহতিয়ালে শিক্ষককঃ থিতাতে নিহত শিক্ষকগৰাকী

author-image
Asomiya Pratidin
New Update
বিদ্যালয়লৈ গৈ থকা অৱস্থাত ডাম্পাৰে মহতিয়ালে শিক্ষককঃ থিতাতে নিহত শিক্ষকগৰাকী

ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাতৰ লক্ষৌজানত পুৱাই সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কৰ্মক্ষেত্ৰলৈ গৈ থকা অৱস্থাত অচিনাক্ত ডাম্পাৰে খুন্দিয়াই এগৰাকী শিক্ষকক। ফলত থিতাতে নিহত হয় যুৱ শিক্ষকগৰাকী।

Advertisment

নিহত শিক্ষকগৰাকী বোকাখাত বহিখোৱাৰ অভিজিত চাৰ' বুলি জানিব পৰা গৈছে। পুৱাই AS 05 Q 7024 নম্বৰৰ বাইকেৰে বনগাঁৱস্থিত নিজ বিদ্যালয়লৈ গৈছিল টেট শিক্ষক গৰাকী। আদ বাটত এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় শিক্ষক অভিজিত চাৰ'। ইফালে ঘটনাৰ পাছতে পলায়ন কৰে ডাম্পাৰখনে।

Also Read: বুজন পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰ সহ মণিপুৰত ৯ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

Bokakhat accident