/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2a60822f-a5ba-4e2a-875d-42134944dd47/AP_FOR_WEB_1.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : বিহাৰত সন্ধানহীন হোৱা এগৰাকী নাবালিকাক বিচাৰি কাজিৰঙাত উপস্থিত বিহাৰ আৰক্ষী ৷ নাবালিকাগৰাকীৰ পৰিয়ালে বিহাৰৰ আহিয়াপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি কৰা তদন্তত কাজিৰঙাৰ বগৰীজুৰিৰ বৰুৱা উপাধিৰ এগৰাকী যুৱতীৰ সৈতে নাবালিকাৰ সম্পৰ্কৰ তথ্য লাভ কৰে ৷
সেই মৰ্মে কাজিৰঙাৰ কহঁৰা আৰক্ষীৰ সহযোগত যুৱতীগৰাকীৰ ঘৰত অনুসন্ধান চলাই উদ্ধাৰ কৰে নাবালিকা গৰাকীক। দুয়োকে কহঁৰা আৰক্ষী চকীত সোধাপোচৰ অন্তত বিহাৰ আৰক্ষীয়ে অভয়াপুৰ পি এছ কেচ নং ৬৭৫/২৩ ইউ/এচ ৩৬৩/৩৬৬(এ) আই পি ছি ধাৰাত কাজিৰঙাৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰি বিহাৰ লৈ যোৱা হয়।
Also Read: ঢকুৱাখনা নগৰত চোৰৰ দৌৰাত্ম্য: এইবাৰ কুটুম ৱাইন বাৰত চোৰৰ চাফাই অভিযান...