কাজিৰঙালৈ ভূটানৰ ৰজা

কাজিৰঙালৈ ভূটানৰ ৰজা

ডিজিটেল সংবাদ, কাজিৰঙাঃ শনিবাৰে কাজিৰঙালৈ যাব ভূটানৰ ৰজা। ৰজাক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বন বিভাগে। শনিবাৰে দুপৰীয়া যোৰহাটৰ পৰা কাজিৰঙাত উপস্থিত হ'ব ভূটীয় ৰজা।

কাজিৰঙাৰ ব্যক্তিগত ৰিজৰ্ট আয়'ৰাত কিছু সময় জিৰণি লৈ বিয়লি জীপ চাফাৰীৰে কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰিব। তাৰ পৰা উভতি আহি হাতীৰ গা ধুওৱাৰ দৃশ্য কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত উপভোগ কৰিব।

সন্ধিয়া বন বিভাগে আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ দ্বাৰা আয়োজিত নৈশভোজত অংশ ল'ব ৰজাৰ লগতে ৰাজপৰিয়ালৰ সদস্যসকলে। শুকুৰবাৰে নিশা আয়োজন সম্পৰ্কে প্ৰস্তুতৰি বুজ লয় বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তথা স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই।

কাজিৰঙালৈ ভূটানৰ ৰজা
পাকিস্তানৰ বায়ু সেনা ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ৩ সন্ত্ৰাসবাদী নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in