
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত চিনাতলী গাওঁৰ চিনাতলী বৰনামঘৰত অহা ২ জুনৰ পৰা ৫ জুনলৈ আয়োজন কৰা হৈছে বাৰ্ষিক বৰসবাহ মহোৎসৱ। এই মহোৎসৱক লৈ এতিয়া সমগ্র চিনাতলী আৰু ইয়াৰ পাৰ্শ্বৱতী অঞ্চলত এক উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হৈছে। গাঁওখনৰ প্ৰতি গৰাকী পুৰুষ-মহিলাৰ মাজত এতিয়া সীমাহীন ব্যস্ততা দেখা গৈছে।
সজাই পৰাই তোলা হৈছে বৰ নামঘৰ আৰু নামঘৰৰ চৌহদটি। ৮ সহশ্ৰাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু চিনাতলী গাওঁৰ বৰ নামঘৰৰ অংশীদাৰ ৰাইজ। উল্লেখ্য যে এই চাৰিদিনীয়া বিশাল কাৰ্যসূচীৰ মূল কৰ্মভাগ অনুষ্ঠিত হ'ব ৪ জুনৰ দিনা।
মূল কৰ্মভাগিৰ প্ৰসাদৰ বাবে ৭ কুইন্টল বুট মগু, ২০ হাজাৰ কল, এক কুইন্টল আপেল আদি কৰি অন্যান্য নৈবদ্যৰ ব্যৱস্থা কৰা হৈছে। একেদৰে বৰসবাহৰ মূল উপকৰণ পকামিঠৈ প্ৰস্তুত কৰা হ'ব ২৬ কুইন্টল পিঠাগুৰি আৰু ১৮ কুইন্টল গুৰেৰে। গাওঁ খনৰ ৬০ টা বংশৰ প্ৰায় ১২০ জন দেউৰী ২ জুনৰ পৰা ব্যস্ত হৈ পৰিব পকামিঠৈ প্ৰস্তুত কৰাত।
দেউৰী পৰিষদৰ তত্বাৱধানত দুদিন দুনিশা বান্ধিব পকামিঠৈ। প্ৰায় এক লাখ ২০ হাজাৰ পকা মিঠৈ প্ৰস্তুত কৰাৰ কথা জানিবলৈ দিয়ে বৰসবাহ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মৃদুল বৰা আৰু সাধাৰণ সম্পাদক মাধুৰ্য দত্তই। ইফালে বৰসবাহৰ মূল আকৰ্ষণ দিহানাম পৰিবেশনৰ বাবে নিমন্ত্ৰণ জনাইছে ঢুলীয়া সম্ৰাট তথা সংস্কৃতিৰ সাধক, ওজা সোমনাথ বৰা, দিহা সম্ৰাট কমলা কান্ত গগৈ, সাংস্কৃতিক কৰ্মী প্ৰজ্ঞান বৰাক।
অন্যহাতে বৰসবাহৰ মূল নামৰ আসনত বহিব তিতাবৰৰ চিপহা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰদীপ মহন্ত। একেদৰে বৰসবাহৰ দিনা মূল পাঠৰ আসনত বহিব জখলাবন্ধাৰ ঐতিহাসিক শ্ৰী শ্ৰী ভঁৰালী নামঘৰৰ পাঠক অচ্যুৎ শইকীয়া। নামঘৰৰ পদাধিকাৰি জনে লগতে এই কথাও জানিবলৈ দি কয় যে বৰসবাহ মহোৎসৱৰ অন্যতম কাৰ্য্যসূচী পানীতোলা অধিক আকৰ্ষণীয় কৰি তোলা হ'ব।
বিশেষকৈ ৩ জুন শনিবাৰে পানীতোলা কাৰ্য্যসূচীত সমাহাৰ ঘটিব বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ। বৃহৎ গাওঁ খনৰ অংশীদাৰ ৰাইজৰ সহযোগিতাত সম্পন্ন হ'ব লগা এই সাংস্কৃতিক অনুষ্ঠান প্ৰতিযোগিতা মূলক হ'ব বুলিও জানিবলৈ দিয়ে। ভকত সকলক অপ্যায়নৰ বাবে মহিলা পৰিষদৰ নেতৃত্বত গাওঁ খনৰ মহিলা সকলে প্ৰস্তুত কৰিছে পিঠা পনা। কেইবা হাজাৰ খোলাত দিয়া পিঠা, তেল পিঠা, চুজীৰ লাৰু আদি প্ৰস্তুত কৰিছে মহিলা সকলে। অন্তিম দিনা অৰ্থাৎ ৫ জুনৰ নিশালৈ চিনাতলী গাওঁৰ যুৱক সকলে মঞ্চস্থ কৰিব মহাপুৰুষীয়া নাট " শ্ৰৱণৰ পিতৃ ভক্তি, অন্ধ মুনিৰ অভিসাপ"। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সমাপ্ত।
উল্লেখ্য যে গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক চিনাতলী গাওঁৰ চিনাতলী বৰনামঘৰ ইতিমধ্যে ২০০ বছৰীয়া বৰ্ণিল ইতিহাসৰ সাক্ষী হৈ ৰৈছে। ৭১৯ ঘৰ অংশীদাৰিত্বৰে পৰিপূৰ্ণ চিনাতলী বৰনামঘৰ পৰিচালিত হয় বৰনামঘৰ সমাজ পৰিষদৰ দ্বাৰা। ইতিমধ্যে অনাগত দুটা বৰ্ষৰ বাবে বয়োজেষ্ঠ ৰেৱকান্ত শইকীয়াক সভাপতি আৰু সামাজিক কৰ্মী অনন্ত শইকীয়াক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে সমাজ পৰিষদ। উল্লেখযোগ্য যে গাওঁ খনৰ মূল দিশ সমূহ বৰনামঘৰ সমাজ পৰিষদৰ নীতি নিৰ্দেশনা মতেই সম্পন্ন হয়।