উৰিয়ামঘাটত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী দিৱস উদযাপন

উৰিয়ামঘাটত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰা হয়। বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী অংশগ্ৰহণ

author-image
Tushar Pratim
New Update
উৰিয়ামঘাটত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী দিবস উদযাপন

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ উৰিয়ামঘাটত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰা হয়। গোলাঘাট জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা নিলেশ্বৰ ব্ৰহ্মৰ সভাপতিত্বত অনুস্থিত হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে বক্তব্য আগবঢ়ায়।

Advertisment

ৰেংমা আঞ্চলিক আৰু নাম্বৰ আঞ্চলিক এবছু উদ্যোগত হোৱা অনুষ্ঠটোৰ আঁত ধৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উপ সভাপতি অবিৰাম খাকলাৰীয়ে। নিৰ্দিষ্ট বক্তা বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে বড়োফা উপেন্দ্ৰনাথ নাথ ব্ৰক্ষৰ জীৱন বৃত্তান্তৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

বড়ো জাতিৰ কাৰণে ত্যাগ স্বীকাৰ কৰা উপেন্দ্ৰনাথ ব্ৰহ্মই জাতিটোক আগবঢ়ায় নিয়ে। বড়ো জাতীটোক আগবঢ়ায় নিয়া উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত দিল্লীত এটা প্ৰতিমূৰ্ত্তি উন্মোচন কৰাৰ উপৰিও বড়ো জাতীৰ পিতৃ স্বৰূপ উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা পথ নামকৰণ কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

উপেন্দ্ৰচন্দ্ৰ ব্ৰহ্মৰ বাবেই বড়ো জাতীয়ে স্বায়ত্ব শাসিত পৰিষদ লাভ কৰিবলৈ সক্ষম হয় বুলি জনায়। অসম চৰকাৰে ২০২৩ চনত জন্ম দিনটো ছাত্ৰ দিৱস হিচাপে স্বীকৃতি দিয়ে বুলি বক্তব্যত প্ৰকাশ কৰে।

সভাত অৱসৰপ্ৰাপ্ত শিক্ষক গুনিৰাম বড়ো, বড়ো সাহিত্য সভাৰ ধনশিৰি জিলা সমিতিৰ সভাপতি বিবেকানন্দ বসুমতাৰী, বিশিষ্ট সাহিত্যিক মহেশ্বৰ বসুমতাৰীয়ে বক্তব্য আগবঢ়ায়। সভাত বড়ো সাহিত্য সভাৰ ধনশিৰি জিলা সমিতিৰ সভাপতি বিবেকানন্দ বসুমতাৰী,বড়ো কল্যাণ পৰিষদ গোলাঘাট জিলা সমিতিৰ সভাপতি দময়ন্তী খাকলাৰী,বড়ো গণ মঞ্চ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক মহেশ্বৰ বসুমতাৰী,সংগঠিত বড়ো গণ মঞ্চৰ জিলা সভাপতি মুকুন্দ্ৰ বসুমতাৰী,এবছুৰ নামিবৰ আঞ্চলিক সমিতিৰ উপ সভাপতি অবিৰাম খাকলাৰী উপস্থিত থাকে বুলি জানিব পৰা গৈছে।

উৰিয়ামঘাট উপেন্দ্ৰনাথ ব্ৰহ্ম