Advertisment

সৰুপথাৰত কৃষি বিভাগৰ সজাগতা সভা আৰু পথাৰ দিৱস সম্পন্ন...

সৰুপথাৰত কৃষি বিভাগৰ সজাগতা সভা আৰু পথাৰ দিৱস সম্পন্ন...

author-image
Asomiya Pratidin
New Update
সৰুপথাৰত কৃষি বিভাগৰ সজাগতা সভা আৰু পথাৰ দিৱস সম্পন্ন...

সৰুপথাৰত কৃষি বিভাগৰ সজাগতা সভা আৰু পথাৰ দিৱস সম্পন্ন...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং পদুমনি গাঁৱত আজি 'প্ৰাকৃতিক কৃষি' সন্দৰ্ভত এখন সজাগতা সভা আৰু সৰিয়হৰ পথাৰ দিৱস উদযাপন কৰা হয়। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আত্মা) ৰ উদ্যোগত জিলা কৃষি বিভাগে আয়োজন কৰা এই সজাগতা সভাত মাটিৰ উৰ্বৰতা শক্তি ব্যাহত নোহোৱাকৈ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা সাৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰাৰ সন্দৰ্ভত খেতিয়কসকলৰ সৈতে বিশদভাৱে অৱগত কৰে কৰ্মসূচী বিষয়া ড০ অমৰজিত শইকীয়াই।

Advertisment

তদুপৰি আজিৰ এই সভাত উপস্থিত আছিল গোলাঘাট জিলাৰ জ্যেষ্ঠ গৱেষণা (আইচিএআৰ-ডিআৰএমআৰ) উদ্দীপনা চান্দ্রিল্য। আজিৰ এই সভাত কৃষকসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত কৃষি সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়াই কৃষক সকলক এক সজাগতামূলক বক্তব্য প্ৰদান কৰে ।

উল্লেখযোগ্য যে সভা খনত জিলা সামাজিক ক্ষেত্ৰ ততাধায়ক ময়ুৰী বৰা উপস্থিত আছিল। আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে গোলাঘাট জিলাৰ আত্মাৰ ব্লক টেকনলজি মেনেজাৰ অংকুৰ জ্যোতি শৰ্মাই। উল্লেখযোগ্য যে, আজিৰ সভাত প্ৰায় অৰ্ধ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।

Also Read: ৰাইডঙীয়াত অৱসৰ গ্ৰহণ কৰা ৯ গৰাকী শিক্ষকক বিদায় সম্বৰ্ধনা...

পথাৰ দিৱস সৰুপথাৰ