সাংবাদিক বিকাশ শৰ্মাক সাহিত্য-সংস্কৃতিৰ জীৱন জোৰা সাধনা বঁটা প্ৰদান ...

এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা গোলাঘাটৰ "অসমীয়া প্ৰতিদিন" কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ তথা শিশু সাহিত্যিক বিকাশ শৰ্মাক দেওবাৰে ২০২৩ বৰ্ষৰ "সাহিত্য সংস্কৃতিৰ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
সাংবাদিক বিকাশ শৰ্মাক সাহিত্য-সংস্কৃতিৰ জীৱন জোৰা সাধনা বঁটা প্ৰদান ...

ডিজিটেল সংবাদ, গোলাঘাটঃ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা গোলাঘাটৰ "অসমীয়া প্ৰতিদিন" কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ তথা শিশু সাহিত্যিক বিকাশ শৰ্মাক দেওবাৰে ২০২৩ বৰ্ষৰ "সাহিত্য সংস্কৃতিৰ জীৱন জোৰা সাধনা" বঁটা প্ৰদান কৰা হয়। সাহিত্য সংস্কৃতিৰ এক অগ্ৰণী অনুষ্ঠান "সাহিত্য সংস্কৃতি বিকাশ মঞ্চ"ই আগবঢ়োৱা এই বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে ' সাহিত্য সংস্কৃতি বিকাশ মঞ্চ"ৰ সভাপতি অমল চন্দ্ৰ কোঁৱৰে

Advertisment

উল্লেখযোগ্য যে সাহিত্য সংস্কৃতিৰ জগত খনলৈ অৱদান আগবঢ়াই যোৱা এগৰাকী কৈ ব্যক্তিক মঞ্চই প্ৰতি বছৰে এনেদৰে সন্মান প্ৰদান কৰা হ’য়। লগতে অৱদান আগবঢ়োৱা ব্যক্তিৰ জীৱনজোৰা সাধনাক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ চেষ্টাৰে এই বঁটাৰ প্ৰৱৰ্তন কৰা হৈছে।

গোলাঘাট জিলা গ্ৰাম্য অভিকৰণৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাৰ্ম্ভীয পূৰ্ণ অনুষ্ঠানটি উদ্ধোধন কৰে নাগালেণ্ড গ্লৱেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমেন্দ্ৰ নাথ দত্তই । আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰে মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদ্দন দেৱ গোস্বামীয়ে । বঁটা প্ৰদান কৰি তেখেতে কয় যে সংবাদ মাধ্যমে সমাজৰ অসত্যক আতৰাই সত্যক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

বঁটা গ্ৰহণ কৰি শৰ্মাই তেওঁৰ ভাষণত কয় তেওঁৰ বাবে এক অনুপ্ৰেৰণা। নিদিৰ্ষ্ট বক্তা হিচাপে বক্তব্য প্ৰদান কৰি বিশিষ্ট সাংবাদিক তথা পৰিবেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে বঁটা প্ৰাপকৰ শৰ্মাৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে।

সভাত গোলাঘাটৰ এগৰাকী বিশিষ্ট নাগৰিক, মেলামৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তিলেশ্বৰ তামুলী, বিশিষ্ট কথাছবি পৰিচালক দীনেশ গগৈ, ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অপূৰ্ব শইকীয়া আদি বক্তাই নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। অনুষ্ঠানৰ আঁত ধৰে সাহিত্য সংস্কৃতি বিকাশ মঞ্চ‌‌‌ ৰ যুটীয়া সম্পাদক ৰমেন চন্দ্ৰ বৰা আৰু যতীন কুৰ্মীয়ে।।

উল্লেখ্য যে বঁটা বিজয়ী শৰ্মাই ইতিমধ্যে অনুসন্ধান মূলক সাংবাদিকতাৰ বাবে "The Sentinal", বঁটাকে ধৰি বহু বঁটাৰে সন্মানিত হৈছে। ইয়াৰ উপৰিও বিকাশ শৰ্মাই শিশু সাহিত্যৰ সাধনাৰে অসমীয়া সাহিত্য জগতলৈ অনবদ্য্ অৱদান আগবঢ়াই আহিছে। তেওঁৰ "নামবৰত ৰাজু নিতু আৰু চন্দ্ৰ " আৰু "এখন যুদ্ধ হৈছিল" নামৰ শিশু উপন্যাস দুখনে ইতিমধ্যে সাহিত্য সভাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি তেওঁ "পাপচক্ৰ" আৰু "ফিড্ৰেল কাষ্ট্ৰো"নামৰ দুখন গ্ৰন্থও ৰচনা কৰাৰ লগতে কাকত আলোচনীত আদিত গল্প আৰু প্ৰৱন্ধৰে সাহিত্য সাধনাত ব্ৰতী হৈ আছে।

Also Read: লায়েন্স ক্লাৱৰ উদ্যোগত এখনি আতক ধুনীয়া উদ্যান নিৰ্মাণ...

#Glaghat #axomiapratidin