/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5ec7e275-c813-4634-9b08-04e11526b167/z6.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যত গৈ পুনৰ নিৰুদ্দেশ অসমৰ যুৱক। এইবাৰ কৰ্মসংস্থাপন বিছাৰি গৈ সন্ধানহীন হৈছে মেৰাপানীৰ এজন যুৱক।
ঘটনাৰ বিৱৰণ অনুসৰি মেৰাপানীৰ ৫ নং শান্তিপুৰৰ বৌ বড়ি নামৰ ব্যক্তিজনে কৰ্মসংস্থাপন বিছাৰি ২২ ছেপ্তেম্বৰ তাৰিখে ফৰকাটিঙৰ পৰা ৰেল যোগে তামিলনাডুলৈ গৈছিল। কিন্তু তামিলনাডু পোৱাৰ আগতেই ২৫ চেপ্তেম্বৰৰ দিনা ৰেলৰ পৰাই নিৰুদ্দেশ হয় ব্যক্তি গৰাকী।
পৰিয়ালৰ লোকে ব্যক্তিজনৰ নিৰুদ্দেশ হোৱাৰ খৱৰ পোৱাৰ পিছৰে পৰা ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী বৌ বড়ি নিৰুদ্দেশৰ খবৰ পোৱাৰ পিছত মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান জনাইছে পৰিয়ালটোৱে ।
ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীক এজাহাৰ দিছে যদিও এই পৰ্যন্ত মেৰাপানী আৰক্ষীয়ে অভিযোগ গ্ৰহন কৰা নাই বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে।