বোকাখাত পৌৰসভাত আৰম্ভ অসম সাংস্কৃতিক মহাসংগ্ৰাম...

বোকাখাত পৌৰসভাত আৰম্ভ অসম সাংস্কৃতিক মহাসংগ্ৰাম...
বোকাখাত পৌৰসভাত আৰম্ভ অসম সাংস্কৃতিক মহাসংগ্ৰাম...

ডিজিটেল সংবাদ কাজিৰঙাঃ তৃণমূল পৰ্যায়ত সাংস্কৃতিক প্ৰতিভাসমূহক উলিয়াই অনাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ আজিৰে পৰা আৰম্ভ হৈছে বোকাখাতত৷ এই সাংস্কৃতিক অনুষ্ঠানত একক শিতানত জ্যোতি সংগীত, বিষ্ণুৰাভা গীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আৰু দলীয় শিতানত বিহু নাচ আৰু পৰম্পৰাগত নৃত্য অনুষ্ঠিত হৈছে৷

দুদিনীয়া কাৰ্যসূচীৰে ১৪ আৰু ১৫ নৱেম্বৰত বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আৰম্ভ কৰা হৈছে উঠি অহা প্ৰজন্মৰ মাজৰ এই সাংস্কৃতিক প্ৰতিযোগিতা৷ বয়সৰ ক্ষেত্ৰত তিনিটা শাখাত ১২ ৰ পৰা ১৮ বছৰ, ১৯ ৰ পৰা ২৪ বছৰ আৰু ২৫ৰ পৰা ৩৫ বছৰলৈ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ ইতিমধ্যে বোকাখাত পৌৰসভা এলেকাৰ ২০৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বুলি জনাইছে বোকাখাতৰ কাৰ্যবাহী দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়াই৷

দণ্ডাধীশ দিহিঙীয়াই জনোৱা মতে, অহা ১ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমষ্টি পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব পাৰিব।

২০২৪ চনৰ ২ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জিলা পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব পাৰিব।

সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব। ইপিনে, বিহু আৰু পৰম্পৰাগত নৃত্যৰ ক্ষেত্ৰত দলীয় প্ৰতিযোগিতাৰহে অনুমতি দিয়া হৈছে। সদস্যৰ সংখ্যা বাদ্যযন্ত্ৰীসহ সৰ্বাধিক ১৫ জন।

জিলা পৰ্যায়লৈকে প্ৰতিযোগীসকলৰ বাবে সৰ্বাধিক সময় ৫ মিনিট, ৰাজ্যিক পৰ্যায়ত ৭ মিনিট ধাৰ্য্য কৰা হৈছে। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ মেগা বিহু, ২০২৩ ত ব্যৱহাৰ কৰা বিহু গীতটো কোনো প্ৰতিযোগী দলে ব্যৱহাৰ কৰিব নোৱাৰিব।

ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা ২০২৪ চনৰ ২৮ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। ৰাজ্যিক পৰ্যায়ত প্ৰথম পুৰস্কাৰ প্ৰাপকলৈ ১ লাখ টকা, দ্বিতীয় বিজয়ীলৈ ৭৫ হাজাৰ টকা আৰু তৃতীয় বিজয়ীলৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব বুলিও জনাইছে উদ্যোক্তাসকলে৷

বোকাখাত পৌৰসভাত আৰম্ভ অসম সাংস্কৃতিক মহাসংগ্ৰাম...
সত্ৰাধিকাৰ, ক্ৰীড়া উদ্যোগী লক্ষ্মীকান্ত মহন্ত চিকিৎসাধীন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in