/asomiyapratidin/media/media_files/2025/04/09/akbUHe54DwfUOq4tzpHk.jpg)
ডিজিটেল সংবাদ বেকাজানঃ অসম-নাগালেণ্ড সীমান্তৰ ডি চেক্টৰৰ ১২ নং কলাজান সমীপত জুজুম য়ান বস্তিৰ নগাই এগৰাকী অসমৰ লোকক আটক কৰি গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰামতে যোৱা ৬ এপ্ৰিলত নাগালেণ্ডৰ ৱখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ জুজুম য়ান বস্তিৰ নগাই অসমৰ এজন বাসিন্দাই বাঁহ চুৰি কৰাৰ অভিযোগত আটক কৰে।
গাঁৱখনৰ মহিলাসকলে অসমৰ লোকজনক ভয়-ভাবুকি প্ৰদান কৰা লগতে বন্দুক উলিয়াই গুলীয়াই দিয়াৰ ভাবুকি দিয়ে। আদিবাসী জনগোষ্ঠীৰ লোকজনে কৌশলেৰে নগাৰ হাতৰ পৰা পলায় আহিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ১২ কুলাজানৰৰ সমীপত নাগালেণ্ডৰ সৈতে অসমৰ স্পষ্ট সীমা নথকাৰ বাবে অসমৰ লোকজনে পাহাৰৰ দাঁতিত বাঁহ কাটিবলৈ গৈছিল।
কিন্তু নগাসকলে বাঁহ কাটিবলৈ যোৱা লোকজনক আটক কৰাৰ পিছতে সীমান্তত বিবাদৰ সূত্ৰপাত ঘটে। নগাসকলে অসমৰ লোকজনক বাঁহ চুৰি কৰা বুলি কৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ এৰি দিয়ে। লুংচিৰি আৰু ইম্পাঙ বস্তিৰ মাজত ২০২৩ চনত নতুনকৈ স্থাপন কৰা জুজুম য়ান নগা গাঁৱৰ মানুহে মাটিখিনি নাগালেণ্ডৰ বুলি দাবী কৰি আহিছে।
কেৱল এয়াই নহয় দীৰ্ঘদিন পৰা যোৰহাট জিলাৰ পানীখেতি অঞ্চলটো দখলৰ কৰিবলৈ জুজুয়ান গাঁৱৰ নগাই ঘৰ বনাই দুবাৰকৈ চেষ্টা চলাই আহিছে। যদিও বৰহোলা আৰক্ষীয়ে নগাৰ বেদখলৰ প্ৰচেষ্টা প্ৰতিহত কৰি নগাই নিৰ্মাণ কৰা ঘৰ ভাঙি পেলাইছিল। ইফালে বিবাদ চলি থকাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ সীমান্তৰ স্থিতাৱস্থা বাহাল ৰখা নিৰ্দেশ আওকাণ কৰি যোৱা ২০২৩ চনৰ ডিচেম্বৰ মাহত অসম-নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাত এই জুজুময়ান গাওঁখন স্থাপন কৰি নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পাট্টনে উদ্বোধন কৰে।
লগে লগে গাওঁখনক সুৰক্ষা দিবলৈ নাগালেণ্ডে সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত এটা নগা আৰক্ষীৰ কেম্প এটা স্থাপন কৰে। ইফালে নগাই আমি বন্দুক উলিয়াব দেই বুলি মুকলি ভাবুকি দিয়াৰ পিছত অসম-নাগালেণ্ডৰ ৰাইজ আতংকিত হৈ পৰিছে।