/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b4bec51f-833e-45d5-bde9-e7aebf0e0acc/97.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : অসমৰ অন্যতম সংগ্ৰামী তথা জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা ২৫ জুলাইত অনুষ্ঠিত কৰা হ'ব। সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট নগৰত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰতিষ্ঠা দিৱস ।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি উক্ত দিনা দিনৰ ১-০০ বজাত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা অনুষ্ঠিত কৰা হ'ব। এই সভাতেই সংগঠনটোৱে জাতীয় জীৱনৰ বৰেণ্য ব্যক্তি সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা ব্ৰেইলী সংস্কৰণৰ প্ৰণেতা জয়ন্ত বৰুৱাক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰিব 'জননী গৌৰৱ বঁটা-২০২৪ ।
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে শনিবাৰে এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰে । বিবৃতিটোত লগতে উল্লেখ কৰে যে "অসমৰ সংবাদ ক্ষেত্ৰখনত এক নতুন ধাৰাৰ সৃষ্টি কৰি সুস্থ সাংবাদিকতাৰ নেতৃত্ব বহন কৰি সমাজ জীৱন আৰু জাতীয় জীৱন সমৃদ্ধ কৰাৰ বাবে পুৰোধা জয়ন্ত বৰুৱালৈ জাতীয় সংগঠনটোৰ এই সন্মান ।
ইয়াৰ উপৰি ব্ৰেইলী সংস্কৰণৰ প্ৰণেতা হিচাপে বিশ্ব অভিলেখ সৃষ্টিৰে তেখেতে যি অভিলেখ গঢ়িলে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা তেওলৈ এই বঁটাৰ জৰিয়তে সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ ই এক সামান্য আন্তৰিক প্ৰয়াস কৰা হৈছে । গোলাঘাট জিলা পুথিভঁৰালত অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত এই বঁটা প্ৰদান কৰা হ'ব ।"
উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱস উপলক্ষে বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ উক্ত দিনা পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পাছত মুকলি সভা আৰু জাতীয়-জনগোষ্ঠীয় সমাৰোহত অনুষ্ঠিত হ'ব।
এই সমাৰোহত অসমৰ জাতীয়, জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ, বিশিষ্ট লেখক, সাহিত্যিক, বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । ২৪ জুলাইৰ পুৱা সংগঠনটোৰ ভগ্নী সংগঠন জাতীয়তাবাদী মহিলা পৰিষদ, অসমৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী গোলাঘাট পৌৰ সভা সভাকক্ষত অনুষ্ঠিত হ'ব ।
প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ লগতে উক্ত দিনা পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু গোলাঘাট কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত হ'ব আমন্ত্ৰিত কবিৰ দ্বাৰা 'কবি সন্মিলন' । উক্ত অনুষ্ঠানতে গোলাঘাটৰ বহুকেইগৰাকী অগ্ৰনী মহিলাক 'বিশেষ সম্বৰ্দ্ধনা জনোৱা হ'ব ।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ,আদৰণী সমিতিৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, কাৰ্যকৰী সভাপতি বিপুল বৰা আৰু সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰে বিবৃতিযোগে আন্তৰিকতাৰে কামনা কৰিছে ।
Also Read: প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাক বহিষ্কাৰৰ পাছত সংবাদমেল সম্বোধন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ