/asomiyapratidin/media/media_files/2025/07/30/golaghat-30-2025-07-30-21-00-36.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ পৰম্পৰা আৰু জনসচেতনতাৰ এক শক্তিশালী সংমিশ্ৰণত, ড° অনামিকা ৰায় স্মাৰক ট্রাষ্ট (ARMT) North East Diocesan Social Service Society (NEDSSS) আৰু সাগৰিকা পুতলা থিয়েটাৰৰ সহযোগত, ২৫ জুলাইৰ পৰা ৩০ জুলাই, ২০২৫ লৈ গোলাঘাট জিলাৰ সৰুপানী আৰু শিশুপানী গাঁওপঞ্চায়ত অঞ্চলত সুৰক্ষা প্ৰকল্পৰ অধীনত পুতলা নাচৰ এক সপ্তাহ ব্যাপী অনুষ্ঠান সফলতাৰে সম্পন্ন কৰে।
এই উদ্যোগে পৰম্পৰাগত string পুতলা নাচৰ শক্তিশালী কলা কৌশল ব্যৱহাৰ কৰি শিশুপাচাৰৰ গুৰুত্বপূর্ণ সমস্যাটোক সম্বোধন কৰে, লগতে স্থানীয় সাংস্কৃতিক ধাৰাৰ আধাৰত কাহিনীৰ জৰিয়তে গাঁওবাসীৰ মাজত সংলাপ আৰু সচেতনতা বৃদ্ধি কৰে। ছয়দিন ধৰি অনুষ্ঠিত হোৱা এই আন্তঃক্রিয়াশীল পুতলা নাটকে বিশেষকৈ শিশু-শ্ৰোতাসকলক আকৰ্ষিত কৰে, য’ত পাচাৰৰ বিপদ বুজাবলৈ আৰু আত্ম-সুৰক্ষাৰ কৌশল শিকাবলৈ কাহিনী বোৰ উপস্থাপন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/30/golaghat-2025-07-30-21-01-11.jpeg)
প্ৰায় প্ৰতিটো অনুষ্ঠানত ৭০-৮০ জন লোক উপস্থিত থাকে, যাৰ পৰা গাঁওবাসীৰ গভীৰ আগ্ৰহ আৰু অংশগ্ৰহণ স্পষ্ট হয়। অনুষ্ঠান সম্পৰ্কত জিলা আইন সেৱা কৰ্তৃপক্ষৰ সচিব নিলাক্ষীসহকৰে কয় এই অনুষ্ঠানটোৱে গভীৰভাৱে প্ৰভাৱিত কৰিলে। সুৰক্ষা প্ৰকল্পই সাংস্কৃতিক ভাৱে ভিত্তি থকা আৰু উদ্ভাৱনীমূলক পন্থাৰ জৰিয়তে সংকটগ্ৰস্ত গোটসমূহক গুৰুত্বপূৰ্ণ সংলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
পুতলা নাচ, যি দৃশ্যকলা আৰু কাহিনীৰ এক অনন্য সংমিশ্ৰণ, গাঁওবাসীৰ মাজত মানসিক আৰু বৌদ্ধিক প্ৰতিক্ৰিয়া জাগ্ৰত কৰিবলৈ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হয়।
আনহাতে আজিৰ অনুষ্ঠানটোৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় স্পৰ্শ কৰিলে বুলি মন্তব্য কৰে CRS ৰ জ্যেষ্ঠ প্ৰকল্প বিষয়া ধীৰেন্দ্ৰ চৌধুৰীয়ে। তেওঁ আৰু কয়, আমাৰ আশা যে এই উদ্যোগে এক গুৰুত্বপূৰ্ণ আৰু দীঘলীয়া পৰিৱৰ্তন অনাৰ সম্ভাৱনা ৰাখে।”
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/30/golaghat-2025-07-30-21-01-27.jpeg)
৩০ জুলাইত, গোলাঘাটৰ ডিচিকোর্ট প্ৰাঙ্গণত অনুষ্ঠিত হোৱা অন্তিম অনুষ্ঠানটোত উপস্থিত থাকে জিলা আইন সেৱা কৰ্তৃপক্ষৰ সচিব নিলাক্ষী লহকৰ, জিলা শিশু সুৰক্ষা বিষয়া পৰিণীতা হাজৰিকা চি আৰ এছৰ জ্যেষ্ঠ প্ৰকল্প বিষয়া ধীৰেন্দ্ৰ চৌধুৰী, জন দাস আদি।
অনুষ্ঠানত প্ৰকল্পৰ প্ৰভাৱৰ বিষয়ে মত প্ৰকাশ কৰি, প্ৰকল্প নেতৃত্ব ড° মৌচুমী ভট্টাচাৰ্যই কয়, “সুৰক্ষা প্ৰকল্পত পুতলা নাচ সংযুক্ত কৰি, আমি পৰম্পৰা আৰু শিক্ষাৰ মাজত এক সেতু গঢ়াৰ চেষ্টা কৰিছোঁ, যি এক আকৰ্ষণীয়, সাংস্কৃতিক ভাৱে ভিত্তি থকা আৰু প্ৰভাৱশালী পন্থা।”
এই উদ্যোগে পুতলানাচৰ সমৃদ্ধ পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ লগতে আধুনিক সামাজিক সমস্যাবোৰ সমাধান কৰিবলৈ ইয়াৰ প্ৰাসংগিকতা পুনৰ প্ৰতিষ্ঠা কৰে। এইটো প্ৰমাণ যে পৰম্পৰাগত কলাই শিক্ষাৰ, ক্ষমতাবান কৰাৰ আৰু পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম হৈ পৰিণত হ’ব পাৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/30/golaghat-2025-07-30-21-01-50.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us