/asomiyapratidin/media/media_files/2025/07/09/1-2025-07-09-11-01-29.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে 'প্রকৃতি, মানুহ আৰু জীৱনশৈলী' বিষয়ক মিডিয়া ফেল'শ্বিপৰ বাবে অসমৰ আঠগৰাকী সাংবাদিকক নির্বাচিত কৰিছে। আঠগৰাকী সাংবাদিকৰ ভিতৰত কাজিৰঙাৰ যুৱ সাংবাদিক ইমৰান আলীক মিডিয়া ফেল'শ্বিপ প্রদান কৰা হৈছে।
আৰণ্যকে পৰিৱেশ প্রতিবেদনৰ প্ৰতি আকৰ্ষিত যুৱ মিডিয়া পেছাদাৰীসকলৰ বাবে মিডিয়া ফেল'শ্বিপ ঘোষণা কৰিছিল। মুঠ ৮ গৰাকী ফেল'ৱে আর্থিক সহায়ৰ উপৰি নিৰ্বাচিত ফেল'সকলে জ্যেষ্ঠ সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ পৰা অৰিয়েন্টেশ্যন আৰু দিহা পৰামৰ্শ লাভ কৰিব। আনহাতে, ফেল 'সকলক ক্ষেত্র ভিত্তিক কাম-কাজত স্থানীয় গাইডে সহায় কৰিব।
উল্লেখযোগ্য যে, সংবাদকর্মী ইমৰান আলীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা সাংবাদিকৰ পাঠ্যক্ৰম সমাপ্ত কৰি ২০১৭ বৰ্ষৰ পৰা সাংবাদিকতাৰ লগত জড়িত হৈ আছে। তেওঁ লিখা-মেলা কৰাৰ উপৰি বৰ্তমান প্রাগ সংবাদ মাধ্যমৰ কাজিৰঙাৰ সংবাদদাতা হিচাপে কৰ্মৰত হৈ আছে।
আনহাতে বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উপ- সভাপতিৰ দায়িত্ব পালন কৰি থকাৰ উপৰি বিভিন্ন সামাজিক কার্যত সৈতে জড়িত থকা ইমৰান আলীয়ে এই ফেল'শ্বিপৰ জৰিয়তে বিশেষকৈ কাজিৰঙা আৰু কাৰ্বি আংলঙৰ জৈৱ বৈচিত্র্যৰ বিষয়ত অধ্যয়ন কৰি প্রতিবেদন প্ৰস্তুত কৰাৰ পাছত জৈৱ বৈচিত্র্য সংৰক্ষণৰ ক্ষেত্ৰত বহু সহায়ক হ'ব বুলি প্রকৃতিপ্রেমীয়ে আশা কৰিছে। এই মিডিয়া ফেল'শ্বিপৰ বাবে নির্বাচিত হোৱাৰ বাবে তেওঁলৈ বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চ আৰু প্রকৃতিপ্রেমীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।