গোলাঘাটৰ এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়ে আকৰ্ষণ কৰিছে ভিন্নজনক

গোলাঘাট পূব শিক্ষাখণ্ডৰ অন্তৰ্গত এটি অনগ্ৰসৰ অঞ্চলৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী কামকাজে অঞ্চলটোৰ ৰাইজৰ লগতে শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়ে আকৰ্ষণ কৰিছে ভিন্নজনক

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট পূব শিক্ষাখণ্ডৰ অন্তৰ্গত এটি অনগ্ৰসৰ অঞ্চলৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী কামকাজে অঞ্চলটোৰ ৰাইজৰ লগতে শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জামুগুৰি আৰু মেৰাপানীৰ মাজত অৱস্থিত বিদ্যালয়খনৰ সন্মুখত দমাই ৰখা হৈছে জাৱৰ৷ 

Advertisment

১৯০৫ চনত ব্ৰিটিছে টঙিয়া পদ্ধতিত স্থাপন কৰা আমগুৰি নামৰ গাঁৱখনত ১৯৮৫ চনতে ৰাইজে গাঁঠিৰ ধন খচৰ কৰি স্থাপন কৰিছিল আমগুৰি মধ্য ইংৰাজী বিদ্যালয় নামেৰে এখনি বিদ্যালয়। এটা সময়ত হাবি, জংঘলৰ মাজত বাঁহ-খেৰেৰে নিৰ্মাণ কৰা সৰু বিদ্যালয়খন আজি বৃহত্তৰ জামুগুৰি-মেৰাপানী অঞ্চলটোত জাকত জিলিকা হৈ পৰিছে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক লোকেশ্বৰ গগৈৰ দক্ষ পৰিচালনাত বিদ্যালয়খনৰ বাবে চৰকাৰৰ পৰা অনুমোদিত আন্ত:গাঁথনিৰ ধনৰ উচিত ব্যৱহাৰ হোৱাৰ ফলত বিদ্যালয়খন আটকধুনীয়া হৈ পৰিছে। কেৱল সেয়াই নহয়, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক আৰু সহ:বিদ্যায়তনিক উভয় দিশতে সম পৰিমাণে আগুৱাই লৈ যাবলৈ প্ৰধান শিক্ষকগৰাকীয়ে অহৰহ কাম কৰি যোৱাৰ ফলত ২০১২ চনৰ পৰা ২০২০ চনলৈকে ৫৫ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় তিনি লাখ আশী হাজাৰ টকা বৃত্তিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি কানাড়া বিদ্যাজ্যেতি আঁচনিৰ অধীনতো বৃত্তিৰ ধন অনুসূচিত জনজাতিৰ ছাত্ৰীসকলে পাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বিদ্যালয়খনত গছৰ পৰা সৰি পৰা পাতবোৰ ডাষ্টবিনত পেলাই নিদি শাক-পাচলিৰ খেতি কৰিবলৈ শুকান পাতবোৰ পচন সাৰ হিচাপে ব্যৱহাৰ কৰি সুফল লাভ কৰিছে।

বিদ্যালয়খনৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজনত বিদ্যালয়খনতে খেতি কৰা শাক-পাচলিবোৰৰ ব্যৱহাৰ কৰে। উল্লেখ্য যে বিদ্যালয়খনত চাৰি হাজাৰকৈ অধিক সৰু-ডাঙৰ গছ-গছনি আছে। বিদ্যালয়খনত আছে আমলখি, শিলিখা আৰু ভোমোৰা আদি।

মন কৰিবলগীয়া কথা যে বিদ্যালয়খনত ৭০০ জোপাতকৈ বেছি অগৰু পুলি ৰোপণ কৰিছে। প্ৰধান শিক্ষকে নিজৰ গাঁঠিৰ ধন খৰছ কৰি ৩০০ জোপা অগৰু ৰোপণ কৰিছে। উল্লেখযোগ্য যে জাকতজিলিকা বিদ্যালয়খনে লাভ কৰিছে শ্ৰেষ্ঠ পৰিস্কাৰ পৰিচ্ছন্ন বিদ্যালয় বঁটা,  শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বঁটা,  শ্ৰেষ্ঠ মাতৃগোট বঁটা আদি।

শেহতীয়াকৈ বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক লৈ প্ৰাক ৰঙালী উৎসৱো পালন কৰি বিদ্যালয়ত বিহুৰ হুঁচৰি মাৰি অসমীয়াৰ জাতিয় সংস্কৃতি বজাই ৰখা প্ৰচেষ্টাত ব্ৰতি হোৱা দেখা গল।

চৰকাৰী বিদ্যালয় আমগুৰি