সৰুপথাৰত আম্বেদকাৰ ভৱন উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

সৰুপথাৰত আম্বেদকাৰ ভৱন উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

author-image
Asomiya Pratidin
New Update
সৰুপথাৰত আম্বেদকাৰ ভৱন উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে গোলাঘাটৰ সৰুপথাৰত ৰাজ্য চৰকাৰৰ অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সঞ্চালকালয়ৰ দ্বাৰা সংমোদিত অনুদানেৰে নিৰ্মিত এটি ড° বি আৰ. আম্বেদকাৰ ভৱন উদ্বোধন কৰে। মূলতঃ অনুসূচীত লোকে বসবাস কৰা অঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশৰ সংবিধানৰ প্ৰণেতা ড° বি আৰ আম্বেদকাৰৰ সোঁৱৰণত স্থানীয় ৰাইজৰ সুবিধা হোৱাকৈ আলোচনা চক্ৰ, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান আদি অনুষ্ঠিত কৰিব পৰাকৈ এটি ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল।

এই পৰিকল্পনাৰ অংশ হিচাপে অসমৰ জিলা সদৰ আৰু মহকুমাত অনুসূচীত জাতিৰ লোকে বাস কৰা অঞ্চলত আম্বেদকাৰ ভৱন নিৰ্মাণৰ কাম চলি আছে। ৰাজ্যখনত ইতিমধ্যেই ৩৭ টা আম্বেদকাৰ ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে আন ২২ টা নিৰ্মাণৰত অৱস্থাত আছে।

শনিবাৰে সৰুপথাৰত ড° বি আৰ আম্বেদকাৰ ভৱনটি ৰাইজলৈ উচৰ্গা কৰাৰ পাছত এখন সভা সম্বোধন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা আৰু আজীৱন এখন বৈষম্যহীন সমাজৰ বাবে কাম কৰা ড° ভীমৰাও ৰামজী আম্বেদকাৰক সশ্ৰদ্ধ সোঁৱৰণ কৰে। ৰাজ্য চৰকাৰে অনুসূচীত জাতিৰ লগতে সকলো জনগোষ্ঠীৰ লোকৰ কল্যাণৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই আশা প্ৰকাশ কৰে যে নতুনকৈ নিৰ্মাণ কৰা আম্বেদকাৰ ভৱনটিয়ে অনুসূচীত জাতিৰ লোকৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈ সক্ষম হ’ব।

উক্ত সভাৰ পাছত সাংবাদিকক উদ্দেশ্যি সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে, বিভাগৰ অধীনত অনাগত সময়ত সমগ্ৰ ৰাজ্যতে নিৰ্মাণ হ’ব লগা প্ৰায় ৩০ টা মিনি ষ্টেডিয়ামৰ এটা সৰুপথাৰত নিৰ্মাণ কৰা হ’ব। প্ৰায় ১২০০ লোক বহিব পৰাকৈ গেলাৰী থাকিব লগা একোটা মিনি ষ্টেডিয়ামৰ নিৰ্মাণত প্ৰায় ১ কোটি ৭৫ লাখ টকা ব্যয় হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে সৰুপথাৰৰ বাট-পথ বিগত প্ৰায় ২ বছৰত যথেষ্ট উন্নত হোৱা বুলিও তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে।

Also Read: টাইপাৰ কেন্দ্ৰীয় অধিৱেশন আৰু টাই আহোম সমাৰোহত মন্ত্ৰী পীযুষ হাজৰীকা

পীযুষ হাজৰীকা