শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিৰ সম্পাদকক প্ৰহাৰৰ অভিযোগ

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিৰ সম্পাদকক প্ৰহাৰৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিৰ সম্পাদকক প্ৰহাৰৰ অভিযোগ

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ মাজত নামঘৰ পৰিচালনাক লৈ দীৰ্ঘদিনে চলি থকা আইনী যুদ্ধৰ মাজতে বৃহস্পতিবাৰে ঘিলাধাৰী আৰক্ষী থানাত হ'বলগীয়া নামঘৰৰ শুনানিৰ পূৰ্বে কৰ্ণধাৰ সমিতিৰ সম্পাদক চন্দ্ৰ পাঠকক নামঘৰৰ খেলৰ ৰণ্টু শইকীয়া নামৰ যুৱকজনে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷

Advertisment

ঘিলাধাৰী আৰক্ষী থানাত বৃহস্পতিবাৰে নামঘৰৰ শুনানি কাৰণে আঠখেলীয়া নামঘৰলৈ আহি থকা থকা অৱস্থাত নামঘৰৰ খেলুৱৈ তথা নাঙল গাঁৱৰ ৰণ্টু শইকীয়া নামৰ যুৱকজনে চন্দ্ৰ পাঠকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা ফলত ঘটনাস্থলীতে ঢলি পৰে৷ তেজেৰে লুটুৰিপুটুৰি অৱস্থাত স্থানীয় ৰাইজে চন্দ্ৰ পাঠকক উদ্ধাৰ কৰি বৰহোলা সামূহিক চিকিৎসালয়ৈ লৈ যায়৷

ইতিমধ্যে নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত চিকিৎসালয়ত বৰহোলা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷ ইফালে এই ঘটনা সম্পূৰ্ণ মনেসজা ভত্তিহীন বুলি উল্লেখ কৰি ৰণ্টু শইকীয়াই কয় যে, তেঁও ধান বনা কলৰ পৰা এজন ব্যক্তিৰ সৈতে চাইকেল ঠেলি ঘৰলৈ ঘূৰি আহোতে বিপৰীত দিশৰ পৰা চন্দ্ৰ পাঠক চাইকেলত আহি আছিল তেনে সময়তে এজনি ছাগলী চন্দ্ৰ পাঠকৰ চাইকেলত সোমোৱাত চন্দ্ৰ পাঠক চাইকেলৰ পৰা পৰি আঘাতপ্ৰাপ্ত হোৱাত তেঁও গৈ উদ্ধাৰ কৰে৷

ইফালে ঘটনাৰ পূৰ্বে নামঘৰৰ খেলৰ ৰণ্টু শইকীয়াই নিজা ফেচবুক একাউণ্টত নামঘৰত নিশা মহিলা ভক্তৰ সুৰক্ষা বিষয়ৰৰ এটা বিশেষ পোষ্টৰ কাৰণে কৰ্ণধাৰ সমিতিয়ে ৰণ্টু শইকীয়াৰ বিৰুদ্ধে আৰক্ষী কাষ চাপিছিল৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত দীৰ্ঘদিনৰ পৰা সংঘাত সৃষ্টি হৈ আছিল বুলি জানিব পৰা গৈছে।

Also Read: কৃষিমন্ত্ৰী অতুল বৰাৰ ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

golaghat athkhelia namghor