খুমটাইত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

খুমটাইত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
খুমটাইত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ,গোলাঘাট : ঐতিহাসিক ধোদৰ আলি বহলীকৰণৰ বাবে ক্ষতিগ্ৰস্ত হোৱা লোকক ক্ষতিপূৰণ দিয়াৰ নামত চলিছে বিসংগতি। এই অভিযোগ একাংশ স্থানীয় ৰাইজৰ। ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণৰ দাবীত বৃহস্পতিবাৰে আটাছু গোলাঘাট জিলা সমিতিৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা উচিত ক্ষতিপূৰণ প্ৰদানৰ বাবে দাবী জনাই আহিছিল সংগঠনটোৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজে । কিন্তু গা লৰা নাই বিভাগৰ। উপায়ন্তৰ হৈ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ নেতৃত্বত প্ৰতিবাদলৈ ওলাই আহিল ক্ষতিগ্ৰস্ত ৰাইজ ।

খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ। সকলো ক্ষতিগ্ৰস্তই উচিত ক্ষতিপূৰণ নোপোৱালৈকে সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰে ।

ইয়াৰোপৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব প্ৰদান নকৰিলে নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াৰ হুংকাৰ সংগঠনটোৰ । আনহাতে লোক নিৰ্মাণ বিভাগৰ বিষয়া খুমটাইত উপস্থিত হৈছিল যদিও সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে ।

Also Read: অসম-অৰুণাচল সীমান্তৱৰ্তী বাৰ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

All Tai Ahom Students' Union