পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি...

পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ন‌-দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি, উদীয়মান কণ্ঠশিল্পী উৎপল বৰঠাকুৰে পৰিৱেশন কৰিলে জনপ্ৰিয় গীত

author-image
Asomiya Pratidin
New Update
পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি...

ডিজিটেল সংবাদ, গোলাঘাট : পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ১ এপ্ৰিলৰ পৰা অনুষ্ঠিত বিহু কৰ্মশালাৰ দেওবাৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক মনোৰঞ্জন বৰাই আঁত ধৰা এই অনুষ্ঠানত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা শান্তনু দত্ত, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি চাণক্য বৰা, বোকাখাট মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি সঞ্জীৱ গগৈ, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তুষাৰ জ্যোতি শৰ্মা, পশ্চিম গোলাঘাট ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মণিকাঞ্চন বৰা,

Advertisment

চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দেৱযানী দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ঘুনুচা বৰা, জ্যেষ্ঠ সাংবাদিক সমীৰণ দিগন্ত বৰা, হাবিচোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূৱন কোঁৱৰ, সমাজকৰ্মী তথা শিক্ষক মাধুৰ্য্য দত্ত, বিশিষ্ট সমাজকৰ্মী সঞ্জীৱ হাজৰিকা, প্ৰাঞ্জল প্ৰতীম শইকীয়া, পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্য প্ৰকাশ ৰাজগুৰু , প্ৰশান্ত শইকীয়াৰ আদি কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে পশ্চিম গোলাঘাট ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে ।

এই অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে বিহুনাচ প্ৰদৰ্শন কৰাৰ লগতে কৰ্মশালাত অংশগ্ৰহণ কাৰী প্ৰশিক্ষাৰ্থীসকলক মান পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত অনুষ্কা শৰ্মা, নিহাৰীকা শইকীয়াই গীত পৰিৱেশন কৰে। শেষত অনুষ্ঠানটো উদীয়মান কণ্ঠশিল্পী উৎপল বৰঠাকুৰে গীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Also Read: ঢকুৱাখনাত গৰু বিহুৰ প্ৰস্তুতি, তৰা গছৰ পঘা বনোৱাত ব্যস্ত গঞা...

ALL ASSAM STUDENT UNION