জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰতিষ্ঠা দিৱসঃ শিল্পী দ্বীপেন বৰুৱালৈ 'উদ্দীপনা বটাঁ'...

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰতিষ্ঠা দিৱসঃ শিল্পী দ্বীপেন বৰুৱালৈ 'উদ্দীপনা বটাঁ'...
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰতিষ্ঠা দিৱসঃ শিল্পী দ্বীপেন বৰুৱালৈ 'উদ্দীপনা বটাঁ'...

ডিজিটেল সংবাদ গোলাঘাটঃ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। গোলাঘাট জিলা সমিতিৰ আতিথ্যত গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্যকাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই দিৱসৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি ছায়েদুৰ ৰহমানে।

ইয়াৰ পাছতে ভাৰপ্ৰাপ্ত সম্পাদক নিপন গগৈয়ে শ্বহীদ তৰ্পন আৰু উপ সভাপতি, অৰূপ বৰাই বৃক্ষ ৰোপন কাৰ্যসূচী মুকলি কৰে। পুৱা ১০ বজাৰ পৰা ছাত্র-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত ভবিষ্যতে সংগঠনৰ পৰিসৰ বৃদ্ধি বিষয়টো বিশদ ভাৱে আলোচনা কৰাৰ লগতে উপস্থিতসকলে সমাজত চলি থকা অন্যায়, অত্যাচাৰ আৰু অন্যান্য ,সমস্যাসমূহৰ বিৰুদ্ধে সকলো সময়তে মাত মাতি যোৱাৰ সংকল্প গ্ৰহণ কৰে। এই সভাতে পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক নিপন গগৈক সৰ্বসন্মতি মৰ্মে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়।

ইয়াৰ পিছতে ছায়েদুৰ ৰহমানৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপন গগৈয়ে । এই সভাতেই পিছতে অসমৰ জনপ্ৰিয় তথা পথিত যশা শিল্পী দ্বীপেন বৰুৱাক শিল্পী উদ্দীপনা বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানত সংগঠনটিৰ দলীল স্বৰূপ "জতীয়তাবাদ" নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা বোলচবি পৰিচালক দিনেশ গগৈয়ে । এই সভাত ,নিৰ্দিষ্ট বক্তা ৰূপে বক্তব্য দাঙি ধৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্তই।

পৰিবেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামী, অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন, অনুসূচিত ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি দীপাঙ্কৰ দাস, সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ সভাপতি নিৰঞ্জন সোনোৱাল, আটছাৰ গোলাঘাট, জিলা সভাপতি ৰাবুল তোৰী সংগ্ৰামী জাতীয় সেনা কেন্দ্ৰীয় সম্পাদক মানৱ গগৈ, টাই আহোম যুৱ পৰিষদ, কেন্দ্ৰীয় প্ৰতিনিধি, চুতীয়া ছাত্র সন্থাৰ প্ৰতিনিধি সংখ্যালঘু ছাত্র সন্থা কেন্দ্ৰীয় প্ৰতিনিধি আদি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে।

শেষত সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মাধুৰ্য দাসে শলাগৰ শৰাই আগবঢ়ায়।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰতিষ্ঠা দিৱসঃ শিল্পী দ্বীপেন বৰুৱালৈ 'উদ্দীপনা বটাঁ'...
ছাগলী চোৰ কৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in