গোলাঘাটত অবৈধ মদৰ কাৰখানা উৎখাত...

গোলাঘাটত অবৈধ মদৰ কাৰখানা উৎখাত...

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ বেঙেনাখোৱাত বৃহৎ সংখ্যক সুৰাসহ সুৰা প্ৰস্তুত কৰা অবৈধ কাৰখানা উৎখাত কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি মানৱ সন্দিকৈ নামৰ এজন ব্যৱসায়ীয়ে চলাই গৈছিল এই অবৈধ সুৰা ব্যৱসায় । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গোলাঘাট আৰক্ষীৰ এইটো এক বৃহৎ সফলতা ৷

ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ৪গৰাকী লোকক আটক কৰিছে ৷ আটকাধীন লোককেইজন ৰিমন সন্দিকৈ, ইয়াজুল আলি, অমৃতাভ চন্দ্ৰ, মনোজ নাথ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

উক্ত স্থানত বহুদিনৰ পৰাই অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি থকা সন্দেহ কৰিছিল আৰক্ষীয়ে ৷ ঘটনাস্থলীৰ পৰা প্ৰায় দুহেজাৰৰো অধিক সুৰাৰ বটল আৰু সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে৷

ঘটনাস্থলীৰ পৰা গোলাঘাট আৰক্ষীয়ে এ এছ ০৫এচি১৫৭৬ নম্বৰৰ টাটা যোদ্ধা আৰু এ এ এছ ০৫ এইছ্ ১২২২ নম্বৰৰ এখন স্ক’ৰপিঅ' জব্দ কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পিছত ঘটনাৰ লগত জড়িত অধিক লোক আটক হোৱাৰ সম্ভাৱনা আছে ৷

গোলাঘাটত অবৈধ মদৰ কাৰখানা উৎখাত...
ৱাল ভাঙি কাৰ্যালয়ত সোমাল তীব্ৰবেগী ডাম্পাৰ, থিতাতে নিহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in