/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ef5c49f6-d0d4-4970-b384-828e24896409/golaghat.jpg)
গোলাঘাটৰ জিলা সন্মিলন
ডিজিটেল সংবাদ, গোলাঘাটঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাট জিলা অধিৱেশন গোলাঘাটৰ মহেশ্বৰী ভৱনত সফলভাৱে অনুষ্ঠিত হয় । সংগঠনটোৰ জিলা প্ৰমুখ ড০ উৎপল শৰ্মাই পতাকা উত্তোলনেৰে জিলা অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই অধিবেশনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ।
কাৰ্যসূচী অনুসৰি বিয়লি অনুষ্ঠিত মুকলি সভা অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলনেৰে মুকলি সভাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক ডা: দীপক দত্তই । তাৰ পিছতেই ড০ উৎপল শৰ্মাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ।
মুকলি সভাত "ড্ৰাগছ সজাগতা আৰু পথ সুৰক্ষা"ৰ ওপৰত এক আলোচনা চক্ৰও অনুষ্ঠিত হয় । ড্ৰাগছ সজাগতাৰ ওপৰত বক্তব্য দাঙি ধৰে সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা: দীপক দত্তই ।
এই মুকলি সভাত আঁত ধৰে যুৱ সমাজকৰ্মী মনজিৎ ৰাজবংশীয়ে । অনুষ্ঠানটিত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গোলাঘাট জিলাৰ প্ৰচাৰক নিপন বৰা, হিন্দু জাগৰণ মঞ্চৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অচ্যুৎ নাথ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলাৰ জিলা সংযোজক বিশ্বজ্যোতি মহন্ত, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ জিলা সংযোজক শশাংঙ্ক কলিতাৰ লগতে কেইবাজনো গণ্য মান্য বিশিষ্ট ব্যক্তি । তদুপৰি সংগঠনটোৰ গোলাঘাট জিলাৰ সকলো বিষয়ববীয়া তথা কাৰ্যকৰ্তাৰ উপৰিও গোলাঘাট জিলাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰপ্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।
Also Read: টিম কুকে ভাৰতত খুলিব এপল ষ্ট'ৰ