ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীৰে বোকাখাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীৰে বোকাখাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীৰে বোকাখাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, নুমলীগড়: নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বোকাখাট মহকুমা ছাত্ৰ সন্থাৰ( আছু)উদ্যোগত প্ৰতিবাদ। নুমলীগড়ৰ শোচনীয় হৈ থকা মূল ৰাজপথচোৱা মেৰামতিৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বোকাখাট মহকুমা ছাত্ৰ সন্থাই।

Advertisment

উল্লেখ্য যে, বহুদিন ধৰি পৰিতক্ত হৈ ৰোৱা পথচোৱাত ইতিমধ্যেই বহুতো দুৰ্ঘটনা সংঘটিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰৱস্থা বাবে দুৰ্ভোগ ভূগীবলগীয়া হৈছে নুমলীগড় বাসীয়ে। এই সন্দৰ্ভত পথচোৱাৰ মেৰামতিৰ বাবে বোকাখাট মহকুমা ছাত্ৰ সন্থাই বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

ইয়াৰ বিৰোধিতাৰে বুধবাৰে বোকাখাট মহকুমা ছাত্ৰ সন্থাই নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূটী ৰূপায়ন কৰে। লগতে শীঘ্ৰেই পথ মেৰামতিৰ দাবী নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুকাৰ প্ৰদান কৰে সংগঠনটোৱে।

Also Read: ১৯ বছৰে বিজেপি শাসনত থকা ৰাজ্যত ৫১ মিনিটৰ ভাষণত মোডীৰ মুখত ৪৪ বাৰ কংগ্ৰেছৰ নাম...

aasu