'তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিতে জীৱনটো শেষ নহয়'- আছুৰ অভিনন্দন অনুষ্ঠানত মনোজ গোস্বামী

গোলাঘাটত আছুৰ অভিনন্দন অনুষ্ঠান সম্পন্ন

author-image
Asomiya Pratidin
New Update
'তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিতে জীৱনটো শেষ নহয়'- আছুৰ অভিনন্দন অনুষ্ঠানত মনোজ গোস্বামী

'তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিতে জীৱনটো শেষ নহয়'- আছুৰ অভিনন্দন অনুষ্ঠানত মনোজ গোস্বামী

ডিজিটেল সংবাদ গোলাঘাট: গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চ'ছাইটিৰ প্ৰেক্ষাগৃহত আজি গোলাঘাট জিলা ছাত্ৰ সন্থাই আয়োজন কৰা অভিনন্দন অনুষ্ঠানত হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে ৮১ গৰাকী শিক্ষা গুৰুক উষ্ণ অভিনন্দন জনোৱা হয়।

এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে গোলাঘাট জিলা ছাত্র সন্থাৰ সভাপতি মিণ্টু গগৈয়ে। সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাংবাদিক মনোজ গোস্বামীয়ে ছত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখিবলৈ পৰামৰ্শ দিয়ে।

তেওঁ কয়, তৃতীয় ,চতুৰ্থ বৰ্গৰ চাকৰিতে জীৱনটো শেষ নহয়। প্ৰযুক্তিৰ দ্ৰুত উন্নয়নে মৰ্যদা সহকাৰে কাম কৰি যোৱাৰ বহু পথ মুকলি কৰি দিছে।

সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে, নতুন শিক্ষা নীতিয়ে ৰাজ্যখনৰ শিক্ষা খণ্ডলৈ আমূল পৰিবৰ্তন অনাৰ সম্ভাৱনা আছে। এই সম্পৰ্কত থকা কেতবোৰ আসোঁৱাহ ছাত্ৰ সন্থাই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে।

Also Read: এইবাৰ ৰাইজৰ পক্ষত মুখ্যমন্ত্ৰী...

আছু মনোজ গোস্বামী