কাজিৰঙাৰ পৰ্যটনক লৈ এগৰাকী যুৱতীৰ উল্লীখনীয় পদক্ষেপ

সুন্দৰকৈ সজাইপৰাই তোলা ৰ’ক গাৰ্ডেনত পৰ্যটকৰ পৰা লাভ কৰিলে বিশেষ সহাৰি
কাজিৰঙাৰ পৰ্যটনক লৈ এগৰাকী যুৱতীৰ উল্লীখনীয় পদক্ষেপ

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাৰ পৰ্যটনক কাৰ্বি আংলঙৰ দিশে প্ৰসাৰিত কৰাৰ প্ৰয়াসেৰে বিশেষ পদক্ষেপ কাৰ্বি আংলঙৰ ইংলেপথাৰৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতীৰ ৷ প্ৰাকৃতিক সমলেৰে পৰিপূৰ্ণ কাৰ্বি আংলঙৰ প্ৰাকৃতিক সম্পদসমূহক সংৰক্ষণৰ মাজেৰে পৰ্যটকৰ আকৰ্ষণৰ থলি হিচাবে গঢ় দিয়াৰ প্ৰচেষ্টা মাইনা ক্ৰামচাপি নামৰ উচ্চ শিক্ষিতা যুৱতীগৰাকীৰ ৷

চাৰিবছৰৰ পূৰ্বে কাৰ্বি পাহাৰৰ নামনিত প্ৰাকৃতিকভাৱে সিচৰিত হৈ থকা শিলাখণ্ডক লৈ তেওঁ আৰম্ভ কৰে ৰ’ক গাৰ্ডেন ৷ সুন্দৰকৈ সজাইপৰাই তোলা ৰ’ক গাৰ্ডেনত পৰ্যটকৰ পৰা লাভ কৰিলে বিশেষ সহাৰি ৷

পৰ্যটকৰ সহাৰিত উৎসাহিত হৈ একে স্থানতে মাইনাই আৰম্ভ কৰিলে নাম্পি নামেৰে কেম্পিঙৰ ব্যৱস্থা ৷ য’ত নৈশ যাপন কৰি অনন্য অভিজ্ঞতা লাভ কৰিব পাৰে পৰ্যটকে ৷ অতি সাহসিকতাৰে মাইনাই আৰম্ভ কৰা প্ৰকল্পৰ সফলতাত এতিয়া উৎফুল্লিত মাইনা ক্ৰামচাপি ৷

কাজিৰঙাৰ পৰ্যটনক লৈ এগৰাকী যুৱতীৰ উল্লীখনীয় পদক্ষেপ
খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in