কাজিৰঙাত যুৱকৰ দাৰ ঘাপত গুৰুতৰ ভাবে আহত বৃদ্ধা...

অভিযোগ অনুসৰি প্ৰায় প্ৰতিদিনে নিজৰ পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল মৃদুলে । শনিবাৰেও ঘৰৰ ভিতৰত পত্নীক মাৰপিত কৰি থকাৰ অৱস্থাত মহিলাগৰাকীৰ ভাতৃয়ে তেওঁক উদ্ধাৰ কৰি আনে ।
অভিযুক্ত মৃদুল বৰা
অভিযুক্ত মৃদুল বৰা

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ বচাগাঁৱত লোমহৰ্ষক ঘটনা৷ যুৱকৰ দাৰ ঘাপত গুৰুতৰ ভাৱে আহত হয় এগৰাকী বৃদ্ধা মহিলা ৷ পৰিয়ালৰ লোকৰ অভিযোগ মতে অভিযুক্ত মৃদুল বৰা ওৰফে পাপা নামৰ যুৱক জনে দীৰ্ঘ দিন ধৰি পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰি আহিছে ৷

অভিযোগ অনুসৰি প্ৰায় প্ৰতিদিনে নিজৰ পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল মৃদুলে । শনিবাৰেও ঘৰৰ ভিতৰত পত্নীক মাৰপিত কৰি থকাৰ অৱস্থাত মহিলাগৰাকীৰ ভাতৃয়ে তেওঁক উদ্ধাৰ কৰি আনে । ইয়াৰ পিছতেই অভিযুক্ত মৃদুলে পাছফালৰ পৰা পত্নীক উদ্ধাৰকাৰী যুৱকজনক এখন দাৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷

সেই সময়ত দাৰ ঘাপৰ পৰা যুৱকজনক বচাবলৈ চেষ্টা কৰে ওচৰ চুবুৰীয়া এগৰাকী বৃদ্ধ মহিলাই । যাৰ দাৰ ঘাপ পৰে মহিলাগৰাকীৰ মূৰত ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত মৃদুলক আটক কৰাৰ লগতে উদ্ধাৰ কৰে দাখন ৷ আনহাতে আহত বৃদ্ধাগৰাকী সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

অভিযুক্ত মৃদুল বৰা
দেৱৰাজ ৰয় মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি তিনি দিনীয়া কৰ্মশালা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in