/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/802e1f4c-e8b7-46ff-ac9e-efffba5110f6/156.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : এগৰাকী উদ্যমী মহিলাই দীৰ্ঘদিন ধৰি দেখা এটা সপোনে আজি সাকাৰ ৰূপ ল’লে কাজিৰঙাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি ম’হপৰা শিপিনী গাঁৱত বসবাস কৰা পৰী গগৈ নামৰ এইগৰাকী মহিলাই আজি আৰম্ভ কৰিছে এখন বিপনী ৷
কাজিৰঙালৈ আগমণ ঘটা দেশী-বিদেশী পৰ্যটকে যাতে কম মূল্যৰ বিনিময়ত হাতে-বোৱা সামগ্ৰী লাভ কৰিব পাৰে সেই সুবিধা হোৱাকৈ পৰী গগৈয়ে আজিৰে পৰা নিজৰ বাসগৃহতে আৰম্ভ কৰিছে বিপনীখন ৷ নাম ৰাখিছে কাজি-ৰঙাই হাট ৷
উল্লেখ্য যে কাজি আৰু ৰঙাই নামৰ দুগৰাকী ব্যক্তিৰ নামৰ পৰাই কাজিৰঙা নামৰ সৃষ্টি হ’ল বুলি জনশ্ৰুতি আছে ৷ এই জনশ্ৰুতিৰ প্ৰচাৰ কৰা তথা কাজিৰঙাৰ ইতিবৃত্ত জানিবৰ ইচ্ছা কৰা সকলৰ হেতু কিছু সমলো যোগাৰ কৰিছে পৰীয়ে ৷ ইপিনে, আজি বন্তি প্ৰজ্বলনেৰে বিপনীখন মুকলি কৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fb2183a2-eefe-43b7-918c-c994e0b3e4af/2e830020_c77a_44b5_b43a_8ec6137b81ae.jpg)
তেওঁ কয় যে নাৰী সমাজ আজি মুকলিলৈ ওলাই অহাটো সমগ্ৰ জাতিৰ বাবেই এটা ভাল লক্ষণ ৷ পৰ্যটকক আকৰ্ষিত কৰিবলগীয়া এই বিপনীয়ে কাজিৰঙালৈ আগমণ ঘটা পৰ্যটকৰ বাবে সুবিধা হ’ব বুলিও উল্লেখ কৰে ৷ অনুষ্ঠানত কাজিৰঙা নিৱাসী উদ্যমী মহিলা ৰূপজ্যোতি শইকীয়া গগৈয়ে কয় যে মহিলাসকলৰ এই কছৰৎ ঐতিহ্যমণ্ডিত গাঁও ম’হপৰাৰ বাবেই এক ভাল বতৰা ৷
বিপনী মুকলিৰ সময়ত জ্বলোৱা চাকিৰ পোহৰে আন্ধাৰ নাশ কৰি পোহৰৰ বাট মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷ কাজিৰঙা বনবিভাগৰ এগৰাকী বিষয়া তথা কাজিৰঙা নিৱাসী শিল্পী তৰুণ গগৈয়ে অনুষ্ঠানত কয় যে কাজিৰঙাৰ উত্তৰণৰ বাবে ৰাইজে কৰি অহা বিভিন্ন ত্যাগৰ আন এক স্বীকৃতি হিচাপে চিহ্নিত হ’ব এই বিপনী ৷
পৰী গগৈৰ উদ্যমে কাজিৰঙালৈ আগমণ ঘটা পৰ্যটকৰ বাবে এক নতুন বাৰ্তা কঢ়িয়াই আনিব বুলিও তৰুণ গগৈয়ে নিজৰ বক্তব্যত উল্লেখ কৰে ৷ কাজিৰঙাত মুকলি হোৱা হস্ত-তাঁত বস্ত্ৰৰ এই বিপনীৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি কাজিৰঙা অধ্যায়ন চক্ৰৰ অধ্যক্ষ তথা সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই কয় যে গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে সহযোগিতা আগবঢ়ালে কাজি আৰু ৰঙায়ে বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰিবৰ সক্ষম হ’ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0ca5773d-63a8-4723-8dbd-fb88bbf0dbc0/407b2954_b8be_4767_a5eb_5d5984ee280e.jpg)
এইক্ষেত্ৰত সংবাদ মাধ্যমৰ ব্যক্তিৰ সমান্তৰালকৈ কাজিৰঙা অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তি, দল-সংগঠনৰ দায়িত্ব কাজি-ৰঙাইৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা ৷ ৰূপজ্যোতি শইকীয়া গগৈক প্ৰশংসা কৰি ধ্ৰুৱজ্যোতি সাহাই কয় যে কাজিৰঙালৈ আগমণ ঘটা বিভিন্ন গৰাকী পৰ্যটকে ৰূপজ্যোতি শইকীয়া গগৈৰ কাজিৰঙা হাটলৈ গৈ নিভাঁজ অসমীয়া পৰিৱেশৰ স’তে সময় উদযাপন কৰে ৷
হস্ততাঁত-বস্ত্ৰশিল্পৰ সমান্তৰালভাৱে অসমীয়া খাদ্যৰ ব্যৱস্থা কৰিব পাৰিলে আজি মুকলি কৰা কাজি-ৰঙাই হাটলৈয়ো বিভিন্ন গৰাকী পৰ্যটকৰ আগমণ ঘটিব যিয়ে এক নতুন মাত্ৰা পাব কাজি-ৰঙাই হাটে ৷ মহাৰাষ্ট্ৰৰ পৰা অহা দুগৰাকী পৰ্যটকৰ উপস্থিত থকা অনুষ্ঠানটোত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখাৰ সম্পাদক বিতোপন মাজিয়ে কয় যে কাজিৰঙা পৰ্যটনৰ এক নতুন ঠিকনা হোৱা কাজি-ৰঙাই হাট আগন্তুক সময়ত বহু পৰ্যটকৰ কেন্দ্ৰবিন্দু হ’ব ৷
অনুষ্ঠানত বিশিষ্ট লেখক পদ্ম গগৈ, জ্যেষ্ঠ ব্যক্তি কোষেশ্বৰ গগৈ, যুৱ সাংবাদিক মনোজ প্ৰতীম শইকীয়া, কাজিৰঙা অধ্যয়ন চক্ৰৰ অজানিতা হাজৰিকা, দীপশিখা গগৈ, শিল্পী বিনোদ গগৈ, উদ্যমী মহিলা পিংকী দত্ত মাজি আদিকে ধৰি অঞ্চলটোৰ স্থানীয় পুৰুষ-মহিলাসকল উপস্থিত থাকে ৷
Also Read: জামুগুৰিহাটৰ নামঘৰত চোৰে চলালে চাফাই অভিযান