মানুহৰ জিঘাংসাৰ বলি হৈ মৃত্যুক সাৱতিলে এটি নাহৰফুটুকীয়ে...

মানুহৰ জিঘাংসাৰ বলি হৈ মৃত্যুক সাৱতিব লগিয়া হ’ল এটি নাহৰফুটুকীয়ে ৷ মৰিয়নীৰ কাকজান চাহবাগিচাৰ পৰা উদ্ধাৰ কৰা হৈছিল এটি আহত নাহৰফুটুকী ৷
নাহৰফুটুকী
নাহৰফুটুকী

ডিজিটেল সংবাদ, কাজিৰঙাঃ মানুহৰ জিঘাংসাৰ বলি হৈ মৃত্যুক সাৱতিব লগিয়া হ’ল এটি নাহৰফুটুকীয়ে ৷ মৰিয়নীৰ কাকজান চাহবাগিচাৰ পৰা উদ্ধাৰ কৰা হৈছিল এটি আহত নাহৰফুটুকী ৷

মঙলবাৰে মৰিয়নী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় এলেকাত আঘাটপ্ৰাপ্ত নাহৰফুটুকীটো সংকটজনক অৱস্থাত উদ্ধাৰ কৰে বনকৰ্মীয়ে । উদ্ধাৰ কৰি নাহৰফুটুকীটো মঙলবাৰে নিশা প্ৰেৰণ কৰা হয় কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ ৷

কিন্তু চিকিৎসকে ওৰে নিশা আপ্ৰাণ চেষ্টা কৰাৰ পাছতো মৃত্যু হয় নাহৰফুটুকীটোৰ ৷ কেন্দ্ৰটোৰ চিকিৎসক ছামচুল আলিয়ে প্ৰকাশ মন্তব্য অনুসৰি নাহৰফুটুকীটোৰ দেহৰ বিভিন্ন অংশত আঘাটৰ চিন স্পষ্ট ৷ দুস্কৃতিকাৰীৰ আক্ৰমণৰ বলি হোৱাৰ সন্দেহ কৰিছে চিকিৎসকে ৷

লগতে চিকিৎসক ছামচুল আলিয়ে কয় যে নাহৰফুটুকীটোৰ মেৰুদণ্ড ভাগি গৈছে ৷ মানুহে বন্য জন্তুৰ সৈতে সহৱস্থান কৰিবলৈ শিকিব লাগিব ৷নহলে এদিন বন্যপ্ৰাণী সমূহ নিচিহ্ন হৈ পৰিব ৷

নাহৰফুটুকী
উদ্বিগ্ন ৰাষ্ট্ৰসংঘঃ মৌলিক স্বাধীনতা হেৰুইছে আফগান মহিলা, শিশুৱে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in