
ডিজিটেল সংবাদ, কাজিৰঙাঃ সফলতাৰ ৮টা বৰ্ষ অতিক্ৰম কৰিলে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে৷ বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে প্ৰত্যাহ্বান নেওচি পৰ্যটকক আপ্যায়ণ কাজিৰঙা জাতীয় অৰ্কিড উদ্যান কৰ্তৃপক্ষৰ। পৰ্যটকৰ অভূতপূৰ্ব সহাৰিক শলাগ জনালে অখিল গগৈয়ে৷
আগন্তুক বৰ্ষত পৰ্যটকে জৈৱ বৈচিত্ৰতাৰে মেটমৰা সম্ভাৰ স্বৰূপ কাজিৰঙা অৰ্কিড উদ্যানৰ নতুন কেইবাটাও সংযোজন লাভ কৰিব৷ বহুকেইটা মিউজিয়াম, উত্তৰ পূৰ্বাঞ্চলৰ ৮০ বিধ সংৰক্ষিত বাহঁৰ বাগিছা, প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় অতিবাহিত কৰাৰ লগতে নিশাৰ সাংস্কৃতিক অনুষ্ঠান, থলুৱা খাদ্য সম্ভাৰকে ধৰি মুঠ ২২টা পৰ্যটন সমল থাকিব৷
উল্লেখ্য যে, অষ্টম বৰ্ষ সম্পূৰ্ণ হোৱা অৰ্কিড উদ্যানখন এতিয়া পূৰ্ণাংগ পৰ্যায়ত উপনীত হৈছে৷ কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা উদ্যানখনে এইবাৰো ন উদ্যমেৰে পৰ্যটকক আদৰিবলৈ প্ৰস্তুত হোৱাৰ কথা উল্লেখ কৰিলে অখিল গগৈয়ে৷ লগতে তেওঁ কয় যে, অৰ্কিড উদ্যানে চৰকাৰী সকলো কৰ পৰিশোধ কৰে, তাৰ পাছতো ৰাজনীতি কৰা একাংশই বদনাম উলিয়াই ফুৰে ৷