/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9eeeb4bf-0215-45d5-b1f0-9e132a1b0980/z4.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাটৰ আগশাৰীৰ নৃত্যানুষ্ঠান শংখধ্বনি কলাকেন্দ্ৰৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে গোলাঘাটৰ গাড়ীগাঁৱত উদযাপন কৰা হয়। গাড়ীগাঁও মাছখোৱা ডেকা নামঘৰৰ প্ৰাংগনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত হোৱা শংখধ্বনি কলা কেন্দ্ৰৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে গোলাঘাট জিলা ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হয়।
গাড়ীগাঁও ডেকা নামঘৰ বিহু সমিতিৰ উদ্যোগত প্ৰথম দিনা অনুষ্ঠিত হয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ লগতে অভিনন্দন আৰু সম্বৰ্দ্ধনা কাৰ্যসূচী। দ্বিতীয় দিনা শংখধ্বনি কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হয় বৰ্ণিল কাৰ্যসূচী৷ অনুষ্ঠানটোত শংখধ্বনি কলাকেন্দ্ৰৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।
অসমৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকীও উদীয়মান জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী, পৰিচালক, কণ্ঠশিল্পীক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় এই অনুষ্ঠানত। অভিনেতা দেৱাশীষ বৰঠাকুৰ, অভিনেত্ৰী সুকন্যা ৰাজগুৰু, পৰিচালক ৰূপজ্যোতি মহন্ত, পবিত্ৰ খাউণ্ড, কণ্ঠশিল্পী বিকি কাশ্যপ, প্ৰাঞ্জুমন ভূঞাকে মুখ্য কৰি বহুকেইজন শিল্পীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৷ শংখধ্বনি কলাকেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ প্ৰতিভা বিকাশৰ বাবে আয়োজিত অনুষ্ঠানটোৱে ভৱিষ্যতে আৰু অধিক উন্নতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সকলোৱে।
Also Read: 'অসমীয়া প্ৰতিদিন'ৰ বাতৰিৰ প্ৰভাৱ: দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক ৰিৰ্জাভ ক্ল'জ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us