
ডিজিটেল সংবাদ, কাজিৰঙাঃ আশাৰ বতৰা লৈ আকৌ আহিছে হেপাহৰ বহাগ। বসন্ত বুলিলেই চৌপাসে প্ৰকৃতিয়ে ফুলৰ মেলা পাতে ধৰণিত । এই বসন্তৰ আগমনে অসমীয়াৰ এক প্ৰাণৰ উসৎৱ বহাগ মাতে । ৰঙালী বিহুটিৰ প্ৰাকক্ষণত নানাৰঙীন ফুলেৰে জাতিস্কাৰ হৈ পৰিছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান ৷ বহাগৰ প্ৰাকমুহূৰ্তত ফুলেৰে উপচি পৰা অৰ্কিড উদ্যানত ভিৰ বাহিছে পৰ্যটকৰ ৷
যাৰ বাবে উদ্যানখৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মনত এতিয়া ব্যাপক উচাহ। অৰ্কিড উদ্যানৰ অৰ্কিড ফুলাৰ নয়নাভিৰাম দৃশ্যই সমানেই প্ৰাণ জুৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ ৷ উল্লেখ্য যে মাৰ্চ-এপ্ৰিলৰ এই সময়তে ফুলে উদ্যানখনত থকা ৭০-৮০ শতাংশ অৰ্কিড ।
বিশ্বৰ আটাইতকৈ সৰু অৰ্কিডটোৰ পৰা সুগন্ধি বোৱাৰী কপৌ লৈ উদ্যানখনৰ সকলো অৰ্কিডেই এতিয়া নতুন ৰূপত জাতিষ্কাৰ হৈ পৰিছে ৷ উদ্যানখনৰ কৰ্মচাৰীসকলৰ বছৰজোৰা প্ৰতিপালন আৰু কঠোৰ শ্ৰমৰ ফলত এই সময়ত ফুলি উঠিছে প্ৰতিটো দুষ্প্রাপ্য অৰ্কিডৰ প্ৰজাতি।
যেন ৰঙৰহে মেলা পাতিছে প্ৰতিপাহ অৰ্কিডে। বহাগৰ প্ৰাকক্ষণত এনে দৃশ্যই যেন হাঁহি বিৰিঙাই তুলিছে উদ্যানৰ প্ৰতিগৰাকী কৰ্মচাৰী তথা পৰ্যটকৰ ।