ডিজিটেল সংবাদ, গোলাঘাটঃ অসমৰ ৰাইজে স্বাধীনতাৰ পৰৱৰ্তী কালৰ নিৰ্বাচন সমূহত কাহানিও নেদেখা দুটামান বিশেষ দৃশ্য অসমৰ ৰাইজে এইবাৰ প্ৰত্যক্ষ কৰিলে শিৱসাগৰ আৰু গোলাঘাট জিলাত। ইয়াৰে প্ৰথমটো হ'ল শিৱসাগৰ জিলাৰ আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬টা ভোটকেন্দ্ৰ বৃহস্পতিবাৰে সম্পূৰ্ণৰুপে পৰিচালনা কৰিলে ১০০ শতাংশ মহিলা বিষয়া কৰ্মচাৰীয়ে। প্ৰিজাইডিং বিষয়াৰ পৰা পুলিং এজেন্ট আনকি নিৰাপত্তাৰক্ষীলৈকে সকলো আছিল মহিলা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/54259644-ae69-4e43-b2ea-3fc8cf0ee488.jpg)
পৰীক্ষামূলকভাৱে নিৰ্বাচন আয়োগে প্ৰথমবাৰলৈ এনেদৰে মহিলাৰ হাতত সম্পূৰ্ণভাৱে গতাই দিয়া ভোটকেন্দ্ৰ কেইটাত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ ভোটগ্ৰহণ পৰ্ব সম্পূৰ্ণ হয়। আনহাতে গোলাঘাটত দেখা গ'ল আন এক ব্যতিক্ৰমী দৃশ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/814fd3d4-371a-40f2-b4c8-8aa432a74d91.jpg)
য'ত ভি আই পিৰ কনফাৰেঞ্চ হলৰ দৰে সজাই পৰাই তোলা হৈছিল হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ৪টা ভোটকেন্দ্ৰ। ৰঙা কাৰ্পেটৰ পৰা ফুলৰ তাব, খোৱাপানীৰ ফিল্টাৰ পৰিস্কাৰ টয়লেটৰ লগতে অন্তৰভাগত প্ৰিজাইডিং, পুলিং বিষয়াকে ধৰি সকলোৰে বাবে সু-সজ্জিত চকী মেজৰ ব্যৱ্স্থা কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/4261dbb5-eb3f-4635-83e6-ff93d5a29eaf.jpg)
ভোটাৰসকলক আদৰণি জনাবলৈ দৃষ্টিনন্দন মূল তোৰণৰ উপৰি ভোটকেন্দ্ৰৰ ভিতৰলৈ সোমোৱা দুৱাৰৰ সন্মুখটো সম্পূৰ্ণৰুপে বেলুনেৰে সজাই তোলা আদৰণি তোৰণ আছিল। আনহাতে ভোটাৰ ৰাইজৰ সুবিধাৰ বাবে অস্থায়ী চিকিৎসা কক্ষ, জিৰণি চ'ৰা আৰু ভোটাৰ সহায়ৰ বাবে সুকীয়া সুকীয়া কক্ষৰ ব্যৱ্স্থা কৰা হৈছিল। ভোট কেন্দ্ৰ কেইটা দেখিলে এনে লগা হৈছিল যেন শাৰী পাতি থকা মানুহখিনি যেন কোনো বিত্তশালীৰ ঘৰৰ বিয়াৰ সু-সজ্জিত অভ্যৰ্থনাৰ কক্ষৰ সন্মুখতহে শাৰী পাতিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/8c8370c4-f8bd-4266-ba39-e5131815e7ab.jpg)
অৱশ্যে কেৱল মহিলাৰ দ্বাৰা পৰিচালনা কৰা শিৱসাগৰৰ ভোটকেন্দ্ৰ কেইটাৰ বাবে আয়োগক প্ৰশংসা কৰাৰ বিপৰীতে গোলাঘাটৰ ভোটকেন্দ্ৰৰ এই বিলাসী আয়োজনক বহুতে নিৰ্বাচনৰ নামত অপব্যয় বুলিও কৈছে। সমষ্টিৰ অ'এনজিচি এল পি স্কুল (উত্তৰ) আৰু অ'এনজিচি এল পি স্কুল (দক্ষিণ) এই ৬টা কেন্দ্ৰ সম্পূৰ্ণ ৰূপে মহিলাই পৰিচালনা কৰে।
নিৰ্বাচন আয়োগৰ চমকঃ শিৱসাগৰত ৬ ভোটকেন্দ্ৰত নাছিল কোনো পুৰুষ কৰ্মচাৰী