সাংবাদিকৰ সৈতে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালকৰ মত বিনিময়

: দেওবাৰে গোলাঘাটৰ সদৰৰ সাংবাদিক সকলৰ সৈতে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনৰ এক সৌহাদ্যমূলক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।
সাংবাদিকৰ সৈতে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালকৰ  মত বিনিময়

ডিজিটেল সংবাদ, গোলাঘাট: দেওবাৰে গোলাঘাটৰ সদৰৰ সাংবাদিক সকলৰ সৈতে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনৰ এক সৌহাদ্যমূলক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। গোলাঘাট নগৰৰ হোটেল হামদৈত আজি গোলাঘাট সদৰৰ ছপা মাধ্যম আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলৰ সৈতে শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে জ্যেষ্ঠ বিষয়াসকলক লগত সৌহাদ্যমূলক আলোচনাত মিলিত হয় ।

বিশেষকৈ তেওঁ শোধনাগাৰৰ ৩ মেট্ৰিকটনৰ পৰা ৯ মেট্ৰিকটন শোধন ক্ষমতাৰ কাম কাজৰ অগ্ৰগতি, বায় ৰিফাইনেৰীৰ কাম কাজৰ অগ্ৰগতিৰ লগতে নুমলীগড় শোধনাগাৰে ৰাজহুৱা স্বাৰ্থত গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । নুমলীগড় শোধনাগাৰৰ মাজে সময়ে প্ৰকাশ পোৱা দুৰ্নীতি,কেলেংকাৰী অভিযোগ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নিজস্ব অভিমতেৰে পৰিচালন সঞ্চালক ফুকনে কয় যে, নুমলীগড় শোধনাগাৰৰ আভ্যন্তৰীণ নিৰিক্ষণ ব্যৱস্থা অতি কঠোৰ । আমি সমাজৰ প্ৰতিবিম্ব । সমাজখনত সমালোচনা কৰা মানুহৰ অভাৱ নাই । কাম নকৰা মানুহেহে সমালোচনা কৰে । ঋণাত্মক মানসিকতাৰে আমাৰ সমাজখনৰ এচাম মানুহে কেৱল আনলৈ আঙুলি টোৱাই নিজেও একো নকৰে আৰু আনে কৰা ভাল কাম একোটাহঁতক সমালোচনা কৰাতে ব্যস্ত থাকে ।

কোনোবাই নিজৰ দক্ষতাৰে আগবাঢ়ি গ'লে ঈৰ্ষাকাতৰ হৈ তললৈ টানিবলৈ চেষ্টা কৰাটো আমাৰ মাজৰে বহুতৰে সহজাত প্ৰবৃত্তি । আমি নিজৰ স্বাৰ্থৰ কাম কৰা নাই । তাৰ মাজতো অৱশ্যে ভুল ক্ৰটি থাকিব পাৰে । কিন্তু ভাল কামবোৰক নস্যাৎ কৰি কৰা ঋণাত্মক প্ৰচাৰে সমাজৰ কাম কৰা মানুহক নিৰুৎসাহ কৰে । সংবাদ মাধ্যমৰ গঠনমূলক সমালোচনাক সদায়েই আদৰণি জনাব বুলি উল্লেখ কৰি সংশ্লিষ্ট সকলোৰে সহযোগিতাৰ প্ৰতি আহ্বান জনায় ।

সৌহাদ্যমূলক আলোচনাপৰ্বত গোলাঘাট সদৰৰ সাংবাদিকসকলে নুমলীগড় শোধনাগাৰৰ দক্ষ বিষয়া, পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনক বিশেষভাৱে সম্বৰ্ধনা জনায় । অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধক ড° কাজল শইকীয়া, মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈ, উপ-মহাপ্ৰৱন্ধক বিশ্বজিৎ বৰাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত সদৰৰ জ্যেষ্ঠ সাংবাদিকসকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

সাংবাদিকৰ সৈতে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালকৰ  মত বিনিময়
পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চৰকাৰৰ চৰ্ত! আছে চাকৰি নাই যোগ্যতা সম্পন্ন আবেদনকাৰী...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in